মৰঙীৰ ফলঙনী গাঁও পঞ্চায়তৰ সচিবক বিদায় সম্বৰ্ধনা

115

মৰঙীৰ ফলঙনী গাঁও পঞ্চায়তৰ সচিবক বিদায় সম্বৰ্ধনা

দুৰ্নীতিৰ দৰ্পণ সেৱা , জানমনি দও , প্ৰতিবেদক , নুমলীগড় , ১৪ ছেপ্তেম্বৰত : গোলাঘাট জিলাৰ মৰঙীৰ ফলঙনি গাঁও পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ । মঙলবাৰে ফলঙনি গাঁও পঞ্চায়তৰ ৰাজহুৱা প্ৰেক্ষাগৃহত এখনি সভা অনুষ্ঠিত হয় । উক্ত সভাত পঞ্চায়ত খনৰ বিভিন্ন আঁচনি বিষয়ে আলোচনা কৰে । উক্ত সভাত পঞ্চায়ত খনৰ ৱাৰ্ড সদস্য সকল উপস্থিত থাকে । ফলঙনি গাঁও পঞ্চায়তৰ সভাপতি কন্দৰ্প গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সচিব লক্ষী বৰা বৰাক বিদায় সম্বৰ্ধনা জনায় । সভাত ৱাৰ্ড সদস্য সকলে সচিব গৰাকীক প্ৰসংশা কৰে । সচিব গৰাকীৰ বিদায় মুহূৰ্তত আৱেগিক হৈ পৰে সকলো । উক্ত সভাতেই পঞ্চায়ত খনলৈ অহা ন সচিব তপন চলিহাক আদৰণী জনায় । অনাগত সময়ত সুপৰিকল্পিত ভাৱে কাম কৰি যাবলৈ আহ্বান জনায় । উক্ত সভাত মৰঙী উন্নয়ন খনৰ কণিষ্ঠ অভিযন্তা ৰঞ্জন বৰপূজাৰী , ফলঙনি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যা ৰূপজ্যোতি দত্ত আৰু ৱাৰ্ড সদস্য সকল উপস্থিত থাকে ।