শিশুগৃহত তিনিচুকীয়া জাৰ্নেলিষ্ট ইউনিয়ন অব আছামৰ সামগ্ৰী প্ৰদান

59

শিশুগৃহত তিনিচুকীয়া জাৰ্নেলিষ্ট ইউনিয়ন অব আছামৰ সামগ্ৰী প্ৰদান

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰেমানন্দ দাস , তিনিচুকীয়া, ৪ ডিচেম্বৰ : আজি তিনিচুকীয়াৰ মাকুম গংগাবাৰীত অৱস্হিত কেশৱ বাহেতী সূৰ্যোদয় শিশুগৃহত জাৰ্নেলিষ্ট ইউনিয়ন অব আছাম তিনিচুকীয়া জিলা সমিতিয়ে কাৰ্পেট সহ বিভিন্ন সা-সামগ্ৰী প্ৰদান কৰে । ইউনিয়নৰ ৰাজ্যিক উপ সভাপতি ৰূপম কাকতিয়ে অনাথ শিশু সকলক মানৱ সম্পদ ৰূপে গঢ়ি তোলা পদক্ষেপক আদৰণি জনাইছে । ইউনিয়নৰ জিলা সম্পাদক মনোৰঞ্জন মৰানে সংবাদ সংস্থাটিয়ে জনকল্যাণৰ দিশতো কৰি অহা সেৱাৰ বাখ্যা দাঙি ধৰে । উপদেষ্টা ৰৌচন লাল ভৰদ্বাজে শিশুগৃহৰ দৰে মহান কাম কৰি শিশু সকলক জীৱনৰ আশাৰ পথ মুকলি কৰাৰ বাবে লোৱা পদক্ষেপক আদৰণি জনাইছে । অনুষ্ঠানটিত সহকাৰী সম্পাদক ৰানাদীপ দুৱৰা সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে । শিশুগৃহৰ অধীক্ষক প্ৰিয়ংকা শৰ্মা আৰু ময়ূৰী বাগে জাৰ্নেলিষ্ট ইউনিয়নৰ সামগ্ৰী সমূহ গ্ৰহণ কৰে। শিশুগৃহৰ সম্পাদক অখিল চন্দ্ৰ বৰুৱাই সংস্থাটিৰ পদক্ষেপে সামাজিক কাম কৰাৰ ক্ষেত্ৰত অধিক প্ৰেৰণা যোগাই বুলি আশা প্ৰকাশ কৰিছে ।