হাটশিঙিমাৰীত এফপিচি লিমিটেডৰ অধীনত আচাৰৰ তিনিটা প্ৰডাক্ট মুকলি

82

হাটশিঙিমাৰীত এফপিচি লিমিটেডৰ অধীনত আচাৰৰ তিনিটা প্ৰডাক্ট মুকলি

দুৰ্নীতিৰ দৰ্পণ সেৱা, মানকাচৰ , ২২ ছেপ্তেম্বৰ : সতেজ শাক-পাচলি পেকেডিঙৰ জৰিয়তে মল্যায়ন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বিক্ৰীৰ বাবে উপযোগী কৰা হল মানকাচৰৰ কৃষকৰ উৎপাদিত সামগ্ৰী । দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী প্ৰেছ ক্লাৱত আজি দিনজোৰা কাৰ্যসূচীৰে হাটশিঙিমাৰী এফপিচি লিমিটেডে আচাৰৰ তিনিটা প্ৰডাক্ট মুকলি কৰাৰ লগতে মানকাচৰৰ কৃষকে পথাৰত উৎপাদন কৰা সতেজ শাক পাচলি পেকেডিঙৰ জৰিয়তে মল্যায়ন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত বিক্ৰীৰ বাবে উপযোগী কৰি তোলাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।উল্লেখযোগ্য যে , হাটশিঙিমাৰী ফাৰ্মাৰচ প্ৰডুচাৰ কোম্পানী লিমিটেড চমুকৈ এফপিচিৰ কেবাটাও আচাৰ প্ৰডাক্ট মঙলবাৰে আনুষ্ঠানিক মুকলি কৰে । এই প্ৰডাক্ট মুকলি উপলক্ষে হাটশিঙিমাৰী প্ৰেছ ক্লাৱত দিনৰ প্ৰায় ১২ বজাত এফপিচিৰ চি.ই.ও মইনুল হকৰ নেতৃত্বত আচাৰৰ প্ৰডাক্ট মুকলি অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে জিলা অতিৰিক্ত উপায়ুক্ত ধ্ৰব জ্যোতি দাস উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে জিলা কৃষি বিষয়া ডঃ মোজাম্মিল হকৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়-ববীয়া সকল উপস্থিত থাকে । এফপিচিৰ অধীনত থকা এফ আই জি গোটৰ সদস্য তথা কৃষক সকল উপস্থিত মুকলি কৰা হয় আচাৰৰ প্ৰাডাক্ট সমূহ । এফপিচিৰ এই প্ৰডাক্ট মুকলি অনুষ্ঠানত এফ আই জি গোটৰ কৃষক সদস্য সকলে নিজৰ পথাৰত উতপাদন কৰা সতেজ শাক-পাচলি পেকেডিঙৰ জৰিয়তে মুল্যায়ন কৰি সামগ্ৰী সমূহ ৰাইজৰ মাজত চিনাকী কৰাৰ বাবে এক প্ৰদৰ্শনীয় কাৰ্যসূচীও ৰূপায়ন কৰা হয় । মন কৰিবলগীয়া বিষয় এয়া যে , এই অনুষ্ঠানতেই হাটশিঙিমাৰী এফপিচিয়ে বেংকৰ সৈতে এক চুক্তিপত্ৰত চহী কৰে । এই চুক্তিপত্ৰৰ দ্বাৰা এফপিচিৰ অধীনত থকা এফ আই জিৰ কৃষক সদস্য সকলে কেচিচি লোণৰ সুবিধাৰ লাভালাভ লব পাৰিব । আনহাতে , এফপিচিৰ অধীনত থকা এফআইজিৰ কৃষক সদস্য সকলে নিজৰ ভূমিত উতপাদন কৰা সতেজ শাক-পাচলি পেকেডিং কৰি এক নিৰ্ধাৰিত মুল্যায়নৰ জৰিতয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত বিক্ৰীৰ বাবে এফপিচিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিব । এফপিচিৰ চি.ই.ও মইনুল হকে জানিব দিয়া মতে , জিলাখনৰ মুঠ প্ৰায় ১২০০ গৰাকী কৃষক এই এফপিচিৰ অধীনত এফআইজি গোটৰ দ্বাৰা অন্তৰ্ভূক্ত হৈ আছে । লকডাউনৰ বাবে যোৱা বছৰ কৃষকৰ শাক-পাচলি পথাৰতে গেলি পচি নষ্ট হৈ পেলাই দিবলগীয়া হৈছিল । কিন্তু এফপিচিৰ অধীনত থকা এই কৃষক গোটৰ কৃষক সদস্য সকলৰ উতপাদিত শাক-পাচলি বিভিন্ন শ্বপিং মলৰ জৰিয়তে বিক্ৰীৰ সুবিধা কৰাৰ ব্যৱস্থা হাতত লোৱাৰ প্ৰক্ৰিয়া চলাই থকা হৈছে বুলি এফ পি চিৰ চি ই ও মইনুল হকে জানিবলৈ দিয়ে । আনহাতে , এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকা জিলা অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে অনুষ্ঠানৰ অন্তত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে , কৃষক সকলৰ সুবিধাৰ বাবে প্ৰায় ৫০ টা কৃষক গোটৰ জৰিয়তে একো একোটা এফপিচি গঠন কৰা হয় । এফপিচিৰ দ্বাৰা কৃষক সকলে অতি সহজে উতপাদিত শাক-পাচলি বজাৰত উপযুক্ত মুল্যত বিক্ৰী কৰিব পাৰিব । লক ডাউনত বজাৰৰ অভাব হোৱাত কৃষক সকলে বজাৰৰ অভাবত লোকচানৰ সম্মুখীন হৈছিল যদিও এতিয়াৰে পৰা কৃষক সকলৰ বজাৰৰ অভাব নাথাকিব । কাৰণ এফ পিচিয়ে কৃষক সকলৰ বাবে বজাৰৰ লিংক কৰি দিব বুলি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে ।