হোজাইত অসম লোকসেৱা আয়োগৰ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা

118

হোজাইত অসম লোকসেৱা আয়োগৰ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সভা

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ,হবিবুৰ ৰহমান, ১০ ছেপ্তেম্বৰঃ বৃহস্পতিবাৰে হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত উপায়ুক্ত শ্ৰী অনুপম চৌধুৰীৰ সভাপতিত্বত আগন্তুক ইংৰাজী ১২ ছেপ্টেম্বৰ ২০২১ তাৰিখে অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত হবলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা (প্ৰাৰম্ভিক) হোজাই জিলাত মুঠ ১১২৯ গৰাকী পৰীক্ষাৰ্থীয়ে আব্দুল হাচিব উচ্চতৰ মাধ্যমিক বিদ্যালয়,আব্দুল হাচিব ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়,দেশবন্ধু বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়,দেশবন্ধু বিদ্যাপীঠ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়, গান্ধী বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়, ৰবীন্দ্ৰ বিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত মুঠ ৭ টা পৰীক্ষা কেন্দ্ৰৰ মাধ্যমত অনুষ্ঠিত কৰা সন্দৰ্ভত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় । সভাত উপায়ুক্তই অনুষ্ঠিত হবলগীয়া এই পৰীক্ষা স্বচ্ছ,নিকা আৰু শান্তিপূৰ্ণ ভাবে অনুষ্ঠিত কৰাৰ লগতে পৰীক্ষাৰ্থী সকলে যাতে সুস্থ পৰিৱেশত পৰীক্ষা দিব পাৰে , তাৰ বাবে যাৱতীয় কার্যব্যৱস্থা গ্ৰহণ কৰিবলৈ উপস্থিত সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দিয়ে । তদুপৰি স্বাস্থ্য বিভাগে জাৰি কৰা ক’ভিড-১৯ ৰ নীতি নিৰ্দেশনা সমূহ যাতে সঠিক ভাবে পালন হয় , তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈও নিৰ্দেশ প্রদান কৰে । আজিৰ এই সভাত হোজাই আৰক্ষী অধীক্ষক শ্ৰী বৰুণ পুৰকায়স্থ,অতিৰিক্ত উপায়ুক্ত ক্ৰমে শ্ৰী জয় শংকৰ শৰ্মা , শ্ৰী ৰক্তিম বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক শ্ৰী পনজিত দুৱৰা,চক্ৰ বিষয়া সকল,অসম লোকসেৱা আয়োগৰ প্ৰতিনিধি,পৰীক্ষা কেন্দ্ৰ সমূহৰ ভাৰপ্ৰাপ্ত বিষয়া সকল,আৰক্ষী থানা সমূহৰ ভাৰপ্ৰাপ্ত বিষয়া সকল প্ৰমুখ্যে সংশ্লিষ্ট বিভাগৰ বিষয়া সকল উপস্থিত থাকে ৷