ৰপ্তানি বাণিজ্যৰে উজলিছে বৰপেটা জিলাৰ উদ্যোগী কৃষক , স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে অনুষ্ঠিত ৰপ্তানি সন্মিলনত উন্মোচিত হ’ল বহু উৎসাহজনক তথ্য

124

ৰপ্তানি বাণিজ্যৰে উজলিছে বৰপেটা জিলাৰ উদ্যোগী কৃষক , স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে অনুষ্ঠিত ৰপ্তানি সন্মিলনত উন্মোচিত হ’ল বহু উৎসাহজনক তথ্য

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী, ২৪ ছেপ্টেম্বৰ : সৰ্থেবাৰীৰ কাহ-পিতলৰ সামগ্ৰী,বৰপেটাৰ বাহ শিল্প ,তামোলৰ ঢোকোনাৰ প্লেট আৰু সৰভোগৰ নেমু আৰু কলে দেশৰ সীমা অতিক্ৰমী বিদেশৰ বজাৰতো সুনাম অৰ্জন কৰিছে । সৰ্থেবাৰীৰ উদ্যোগী বিজয় ভূঞাই কাহৰ বৰতাল প্ৰতিমাহে প্ৰায় পাঁচ টন পৰিমাণত চীণ , নেপাল আৰু ভূটানলৈ ৰপ্তানি কৰে । বাহৰ উন্নতমানৰ সজুলি প্ৰস্তত কৰি বৰপেটা চহৰৰ মানেন্দ্ৰ ডেকাই এতিয়ালৈকে বিশ্বৰ ২২ খন দেশ ভ্ৰমণ কৰিবলৈ সক্ষম হৈছে । তেওঁ প্ৰস্তুত কৰা বাহৰ ৰিক্সাই নেডাৰলেণ্ডৰ যাদুঘৰ শুৱনি কৰিছে । বৰপেটাৰে ছাহজাহান আলীয়ে সজা বাহৰ সামগ্ৰীও লণ্ডন আৰু অষ্ট্ৰেলিয়ালৈ ৰপ্তানি হয় । অতি দৰিদ্ৰ পৰিয়ালৰ যুৱকজনে এই উদ্যোগৰ দ্বাৰাই এতিয়া নিজৰ গাঁৱৰ প্ৰায় ২৫ জন লোকক সংস্থাপন দিবলৈ সক্ষম হৈছে । সৰভোগৰ ছুলিয়াকাটা গাওঁৰ নেমু যোৱা বছৰ লণ্ডনলৈ ৰপ্তানি হৈছে । বৰপেটাৰ বাৰাদিত বনোৱা তামোলৰ ঢোকোনাৰ প্লেট ইংলেণ্ড , অষ্ট্ৰেলিয়া,জাপান আদি দেশলৈ নিয়মীয়াকৈ ৰপ্তানি হয় । বৰপেটাৰ পালাংদিহাটীৰ দিগন্ত দাসৰ অসমীয়া গহণায়ো দেশ-বিদেশৰ বজাৰত সমাদৰ লাভ কৰিছে । ৰপ্তানি বাণিজ্যৰ এনে বহু আশাবাঞ্জক দিশ আজি উন্মোচিত হয় বৰপেটাৰ অফিচাৰছ ক্লাৱত অনুষ্ঠিত এখন ৰপ্তানি সন্মিলনৰ পৰা । স্বাধীনতাৰ অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি বৰপেটা জিলা প্ৰশাসন আৰু জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত এই সন্মিলনৰ পৰা বৰপেটাৰ ধূপ উদ্যোগ,গোমাফুলবাৰীৰ আচাৰ , হস্ততাত বস্ত্ৰ শিল্প আদিয়ে লাভ কৰা সফলতাৰো এখন সুন্দৰ ছবি প্ৰতিফলিত হয় । এই উপলক্ষে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ মহা প্ৰবন্ধক ৰিতুমণি পাছানীয়ে পাৱাৰ প‌ইন্ট উপস্থাপনৰ জৰিয়তে ৰপ্তানি বাণিজ্যৰ বিভিন্ন সম্ভাৱনা আৰু সুযোগ-সুবিধাৰ বিষয়ে উল্লেখ কৰে । সভাত কেবাজনো থলুৱা ৰপ্তানি বাণিজ্যৰ সৈতে জড়িত উদ্যোগীয়েও তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে । জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাসে শলাগৰ শৰাই আগবঢ়োৱা সভাখনত অসম বিত্ত নিগমৰ উপাধ্যক্ষ অনিল দাস , অসম উদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰ , জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা , জিলা কৃষি বিষয়া অৰুণ হাজৰিকা , হাউলী কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ড: ডি কে দাস প্ৰমুখ্যে ভালেসংখ্যক বিষয়া তথা উদ্যোগী উপস্থিত আছিল। সভাত বাহ শিল্পৰ সৈতে জড়িত জিলাখনৰ অনুসূচিত জাতি আৰু জনজাতি সম্প্ৰদায়ৰ ১০ জন লোকৰ মাজত প্ৰয়োজনীয় সঁজুলি বিতৰণ কৰা হয় ।