আগষ্টৰ আৰম্ভণিতে কেইবাটাও দিশত ভাৰতৰ উন্নয়নৰ সংকেত পোৱা গৈছে : প্ৰধানমন্ত্ৰী

164

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ২ আগষ্ট : সোমবাৰে টুইটযোগে প্ৰতিগৰাকী ভাৰতীয়ক উৎসাহিত কৰিব পৰা কেইবাটাও বিষয়ত মতামত আগবঢ়ালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । টীকাকৰণ অভিযানৰ পৰা আৰম্ভ কৰি জিএছটিৰ জৰিয়তে ৰাজহ সংগ্ৰহ আৰু অলিম্পিকত পি ভি সিন্ধু আৰু ভাৰতীয় হকী দলৰ প্ৰদৰ্শনলৈকে এই সকলোবোৰ বিষয় টুইটত উল্লেখ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে । এই সকলোবোৰ ঘটনাই অমৃত মহোৎসৱৰ সুন্দৰ আৰম্ভণিৰ সংকেত দিছে বুলিও তেওঁ উল্লেখ কৰিছে । ২০২২ চনত ভাৰতে স্বাধীনতা লাভ কৰাৰ ৭৫ বৰ্ষ হ’ব বাবে ভাৰত চৰকাৰে ‘অমৃত মহোৎসৱ’ৰ শুভাৰম্ভণি কৰিছে ।প্ৰধান মন্ত্ৰীয়ে টুইটযোগে কয় যে , অমৃত মহোৎসৱৰ আৰম্ভণি চিহ্নিত কৰা বহু কেইটা ঘটনা ভাৰতবাসীয়ে আগষ্ট মাহ আৰম্ভ হোৱাৰ লগে লগে দেখিবলৈ পাইছে । এই ঘটনাবোৰে প্ৰতিজন ভাৰতীয়ক এক নতুন আৰম্ভণি কৰাৰ বাবে উৎসাহিত কৰিছে । টীকাকৰণৰ ক্ষেত্ৰতো অভিযান সফল হৈছে আৰু জিএছটিৰ জৰিয়তে যথেষ্ট পৰিমাণে ৰাজহ সংগ্ৰহ হোৱাৰ লগতে শক্তিশালী অৰ্থনৈতিক কাৰ্যকলাপৰো সংকেত দিছে মাহটোৰ আৰম্ভণিয়ে । তেওঁ লগতে উল্লেখ কৰিছে যে , টকিঅ’ অলিম্পিকত পি ভি সিন্ধুৱে কেৱল এটা পদক লাভ কৰাই নহয় , সমান্তৰালকৈ পুৰুষ আৰু মহিলা হকী দলৰো দুৰ্দান্ত প্ৰদৰ্শনৰ সাক্ষী হৈছে প্ৰতিজন ভাৰতীয় । লগতে ‘অমৃত মহোৎসৱ’ৰ শুভক্ষণত ১৩০ কোটি ভাৰতীয়ই ভাৰতক উন্নতিৰ এক উচ্চ শিখৰত উপনীত কৰাটো নিশ্চিত কৰিবলৈ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব বুলি তেওঁ আশা ব্যক্ত কৰে । তেওঁৰ মতে , মহামাৰীয়ে কোঙা কৰা দেশৰ অৰ্থনীতিলৈ পৰিৱৰ্তন আহিছে আৰু অৰ্থনৈতিক কাৰ্যকলাপ ত্বৰান্বিত হোৱাৰ সংকেত পোৱা গৈছে মাহটোৰ আৰম্ভণিতে । সামগ্ৰী আৰু সেৱা কৰ বছৰি ৩৩ শতাংশ বৃদ্ধি হৈ জুলাইত ১.১৬ লাখ কোটি টকাতকৈ অধিক হৈছে । ২০২০ চনৰ জুলাই মাহত জি এছ টিৰ জৰিয়তে ৮৭,৪২২ কোটি টকা সংগ্ৰহ কৰা হৈছিল । আনহাতে , টীকাকৰণৰ ক্ষেত্ৰত জুলাই মাহত ক’ভিড প্ৰতিষেধকৰ ১৩ কোটিতকৈও অধিক পালি প্ৰদান কৰা হৈছে আৰু চলিত মাহত টীকাকৰণ কাৰ্যসূচী অধিক দ্ৰুত কৰা হ’ব ।