উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বুধবাৰে তামুলপুৰ পাৰ্কত উপস্থিত মন্ত্ৰী ভবেশ কলিতা আৰু ৰঞ্জিত দাস

311

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ৪ আগষ্টঃ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব লগা তামুলপুৰ বিধান সভা সমষ্টিৰ কাৰনে বিজেপি দলে গঠন কৰা উপ-নিৰ্বাচন পৰিচালনা সমিতিৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত গঠন কৰা সমিতি খনৰ প্ৰথম খন সভা আজি তামুলপুৰৰ ৰাজহুৱা পাৰ্কত অনুষ্ঠিত হয় । নিৰ্বাচনী সমিতি খনৰ জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয়  যে , আমাৰ দলৰ সভাপতি ভৱেশ কলিতা আছে , ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়ো আছে ৷ আমাৰ দলৰ ৰাষ্ট্ৰীয় নেতা সকল আছে আমাৰ নিৰ্বাচিত চৰকাৰ খনৰ মুখ্যমন্ত্ৰী আছে ৷ এইবোৰ সমস্যাক লৈ ৰাষ্ট্ৰীয় দলটোৱে আলাপ আলোচনা কৰিব ৷ এই সকলৰ মতামত লৈ মিত্ৰগোষ্ঠীৰ ধৰ্ম পালন কৰি হে তামুলপুৰ সমষ্টিৰ উপ নিৰ্বাচনৰ  প্ৰাৰ্থীত্ব প্ৰদান কৰা হ’ব ৷ আমি আশা ৰাখিছো , উপ নিৰ্বাচনত অধিক ভোট দান কৰাব পাৰি তাৰ হে চেষ্টা কৰিব লাগে  ৷ নিৰ্বাচনৰ আগমূহুৰ্তত আমি দলৰ সাংগঠনিক সভা অনুষ্ঠিত কৰি দলটোক সক্ৰিয় কৰিবলৈ সিদ্ধান্ত লৈছো ৷ আজি আমাৰ বিজেপি দলৰ সভাপতি ভবেশ কলিতাৰ সতে ইউ পি পি এল দলৰ সভাপতি আলোচনাত বহাৰ কথা আছিল ৷ প্ৰমোদ বড়ো থাকিব নোৱাৰতা আলোচনা নহল ৷ আজিৰ এই সভাত বিজেপি দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাইও উপস্থিত থাকে ৷ সভাপতি গৰাকীয়ে কয় যে , কৰোনা আক্ৰান্ত হৈ প্ৰয়াত বিধায়ক লেহোৰাম বড়োৰ মৃত্যু হ’ল ৷ তেখেতৰ আত্মাৰ সদগতি কামনা কৰিছো ৷ সভাপতি গৰাকীয়ে কয় যে , উপ নিৰ্বাচনক লৈ গঠন কৰা সমিতিখনৰ প্ৰথম খন বৈঠক অনুষ্ঠিত হব ৷ ইয়াত আজি তামুলপুৰ সমষ্টিটোৰ পৰা অধিক ভোটত কি দৰে জয়লাভ কৰিব পাৰে , সেই বিষয়ে আলোচনা কৰা হব বুলি কয় ৷ প্ৰাৰ্থীত্ব সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বক্তব্যকে সমৰ্থন কৰে সভাপতি গৰাকীয়ে ৷ সভাৰ শেষত তামুলপুৰৰ বিভিন্ন দলৰ কেইবাজনো নেতাই বিজেপি দলত যোগদান কৰে ।