চাৰিদিনীয়া ভ্রমণ পৰিকল্পনাৰে আমেৰিকালৈ উৰা মাৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

107

চাৰিদিনীয়া ভ্রমণ পৰিকল্পনাৰে আমেৰিকালৈ উৰা মাৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ২৩ ছেপ্টেম্বৰঃ ক’ৰোনা মহামাৰীৰ মাজতে এছিয়াৰ বহিঃদেশলৈ প্রথমটো ভ্রমণেৰে আমেৰিকা যুক্তৰাষ্ট্রলৈ ৰাওনা প্রধানমন্ত্রী নৰেন্দ্র মোদী ৷ ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ ৭৬ সংখ্যক অধিৱেশনৰ লগতে মার্কিন ৰাষ্ট্রপতিসহ কেইবাখনো দেশৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হোৱাৰ লক্ষ্যৰে প্রধানমন্ত্রী মোদীৰ চাৰিদিনীয়া আমেৰিকা ভ্রমণ কার্যসূচী ৷ ২২ ছেপ্টেম্বৰ পৰা ২৫ ছেপ্টেম্বৰলৈ এই ভ্রমণসূচীৰে মার্কিন যুক্তৰাষ্ট্রলৈ যোৱা প্রধানমন্ত্রী মোদীয়ে এয়াৰ ইণ্ডিয়া ৱানৰ সংগী হ’ব ৷ চলিত বর্ষৰ মার্চ মাহত বাংলাদেশ ভ্রমণত ব্যৱহাৰ কৰা এয়াৰ ইণ্ডিয়া ৱানেৰে প্রথমবাৰৰ বাবে প্রধানমন্ত্রী মোদীয়ে আমেৰিকা ভ্রমণলৈ গৈছে ৷ ৰাষ্ট্রপতি , উপ–ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীৰ বাবে সুকীয়াকৈ চৰকাৰে ক্রয় কৰা বয়িং ৭৭৭ ভি ভি আই পি বিমানখন আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতিয়ে ব্যৱহাৰ কৰা এয়াৰফ’চ ৱানৰ দৰে সা–সুবিধাযুক্ত ৷ অতি কঠোৰ নিৰাপত্তা ব্যৱস্থা থকা এই এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলট হৈছে বায়ুসেনা বাহিনীৰ বিশেষভাৱে প্রশিক্ষিত পাইলট ৷ বিমানখনত কেইবাটাও কনফাৰেঞ্চ ৰুম থকাৰ লগতে প্রধানমন্ত্রীৰ বাবে এক কার্যালয় সন্নিৱিষ্ট হৈ আছে ৷ ইন্ধন ভৰাবলৈ যাত্রা পথত কোনো ঠাইত অৱতৰণ কৰিবলগীয়া নহয় এই বিমানখন ৷ এয়াৰ ইণ্ডিয়া ৱান বিমানখনেৰে একেৰাহে আমেৰিকালৈ যাব পাৰি ৷ আমেৰিকা ভ্রমণৰ সময়ছোৱাত প্রধানমন্ত্রী মোদীয়ে আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেন , উপ–ৰাষ্ট্রপতি কমলা হেৰিছ , অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছন আৰু জাপানৰ প্রধানমন্ত্রী যোশীহিডে ছুগাৰ সৈতে বৈঠকত মিলিত হ’ব ৷ ইয়াৰ উপৰি আমেৰিকাৰ প্রযুক্তি কোম্পানী চি ই অ’ৰ সৈতে প্রধানমন্ত্রী মোদীয়ে অন্তৰংগ আলাপত মিলিত হ’ব ৷ ২৫ ছেপ্টেম্বৰত নতুন দিল্লীলৈ উভতি অহাৰ পূর্বে মোদীয়ে ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ ৭৬ সংখ্যক অধিৱেশনত অংশ ল’ব ৷ ইপিনে , যুদ্ধবিধ্বস্ত আফগানিস্তানৰ আকাশমার্গ ব্যৱহাৰ কৰাৰ পৰিৱর্তে আমেৰিকাগামী প্রধানমন্ত্রী মোদীৰ এয়াৰ ইণ্ডিয়া ৱানে পাকিস্তানৰ আকাশমার্গ ব্যৱহাৰ কৰিছে ৷ ২০১৯ চনত জন্মু–কাশ্মীৰৰ পৰা সংবিধানৰ অনুচ্ছেদ ৩৭০ প্রত্যাহাৰ কৰাৰ পাছতে পাকিস্তানে ভাৰতৰ ৰাষ্ট্রপতি আৰু প্রধানমন্ত্রীক দেশখনৰ আকাশমার্গ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নাছিল ৷ তিনিবাৰকৈ অনুমতি নিদিয়া পাকিস্তানে আমেৰিকা যুক্তৰাষ্ট্রগামী প্রধানমন্ত্রীৰ বিমান দেশখনৰ আকাশমার্গ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে ৷ উল্লেখ্য যে , কেন্দ্রীয় চৰকাৰে পাকিস্তানক এই সন্দর্ভত অনুমতি বিচাৰি আহ্বান জনোৱাৰ পাছতে দেশখনে আকাশমার্গ ব্যৱহাৰৰ অনুমতি দিয়ে ৷