তৃণমূল কংগ্ৰেছত যোগদানৰ সম্ভাৱনা সাংসদ নৱ কুমাৰ শৰণীয়াৰ

107

তৃণমূল কংগ্ৰেছত যোগদানৰ সম্ভাৱনা সাংসদ নৱ কুমাৰ শৰণীয়াৰ

 দুৰ্নীতিৰ দৰ্পণ সেৱা , গোসাঁইগাঁও , ১৮ আগষ্টঃ “বিটিআৰত তেওঁলোকৰ ভিতৰত ২৫ লাখতকৈ অধিক বাঙালী সম্প্ৰদায়ৰ লোক । এনআৰচি , ডি ভোটাৰৰ নামত তেওঁলোকক বহুত হাৰাশাস্তি কৰা হৈছে । তেওঁলোকে যি উদ্দেশ্যত বিজেপিক ভোট দিছিল , বিজেপিয়ে তেওঁলোকৰ আশা পুৰণ কৰিব নোৱাৰিলে ।” এই মন্তব্য কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত কৃষি বিকাশ কেন্দ্ৰত কোভিড প্ৰটকল অনুসৰণ কৰি  অনুষ্ঠিত গণ সুৰক্ষা পাৰ্টীৰ এক বিশেষ কৰ্মী সভাত উপস্থিত হোৱা কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াৰ । গণ সুৰক্ষা পাৰ্টীৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আব্দুল বাদশাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত  সাংসদগৰাকীয়ে আৰু কয় যে , তৃণমূল কংগ্ৰেছৰ লগত আমাৰ আলোচনা চলি আছে । বিটিআৰত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে । আজি ইয়াৰ বহুলোক তৃণমূল কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈছে আৰু  আগন্তুক ২০২৪ চনত মমতা বেনাৰ্জী যদি বিৰোধী মিত্ৰজোঁটৰ প্ৰধান মন্ত্ৰী পদৰ প্ৰাৰ্থী হয় , আমি তেঁওলোকৰ স্বাৰ্থত তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি । বিটিআৰ চৰকাৰ গঠনৰ স্বাৰ্থত বিজেপি বিৰোধী শক্তিৰে আমি একগোট হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে । গতিকে , ইয়াত ৰাজনৈতিক পৰিৱৰ্তনৰ নিশ্চিত প্ৰয়োজন আছে । সাংসদ শৰণীয়াই ভূমি পট্টা সংক্ৰান্তত কয় যে ১৮৮৬ চনৰ ভূমি আৰু ৰাজহ আইন সংশোধন কৰাৰ প্ৰয়োজন আছে । কাৰণ শ্ৰীৰামপুৰৰ পৰা ওদালগুৰিলৈকে বহুত ভূমিপুত্ৰ , খিলঞ্জীয়া নাগৰিকে বসবাস কৰি আছে , তেওঁলোকৰ কোনো ভূমি পট্টা দিয়া হোৱা নাই । পোন প্ৰথমে বিটিআৰ তথা ৰাজ্য চৰকাৰে তেওঁলোকক ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰক । আৰু যদি চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ বাবে চৰকাৰৰ কোনো ভূমিৰ প্রয়োজন হয় , তেতিয়া হ’লে কোনো ধৰণৰ আতংকৰ সৃষ্টি নকৰি সেই অঞ্চলৰ বাসিন্দাৰ লগত আলোচনা মৰ্মে সিদ্ধান্ত লব লাগে । গো সুৰক্ষা আইন প্ৰসংগত সাংসদ গৰাকীয়ে কয় যে , অসমৰ মানুহে গৰুক নিজৰ সন্তানৰ দৰে মৰম কৰে , অসমৰ বহু পৰিয়াল গৰু পোহপাল কৰি জীৱিকা নিৰ্বাহ কৰে । অসম চৰকাৰে যি গৰু সুৰক্ষা আইন কৰিলে , এই আইন দি তেওঁলোকে গৰুক সুৰক্ষা দিব নে ক্ষুদ্ৰ খেতিয়কৰ ক্ষতি কৰিব , সেয়া হে সন্দেহ আছে । খ্ৰীষ্টিয়ান , বৌদ্ধ, মুছলমান আদিকে ধৰি পৃথিৱীৰ অধিকাংশ ধৰ্মাৱলম্বী লোকে গৰুৰ মাংস ভক্ষণ কৰে । গতিকে , ইয়াৰ এক বৃহৎ বাণিজ্যিক ক্ষেত্ৰ আছে । উল্লেখনীয় কথা যে , ভাৰতৰ পৰা যিবিলাক কোম্পানীয়ে গোমাংস ৰপ্তানি কৰে , তাৰ অধিকাংশ হিন্দু সম্প্ৰদায়ৰ । তাত চৰকাৰে কিয় বাধা আৰোপ কৰা নাই ! চৰকাৰে গৰুৰ যি চোৰাং বেহা বেপাৰৰ কথা কয় , সেয়া ওপৰলৈ থু পেলোৱাৰ নিচিনা । কাৰণ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত সংগঠিত চোৰাং বেহাত তেওঁলোকৰ নিজৰ ব্যক্তি জড়িত হৈ আছে বুলি সাংসদ নৱ কুমাৰ শৰণিয়াই সাংবাদিকক জানিব দিয়ে । সভাত অৰ্ধশতাধিক দলীয় কৰ্মী উপস্থিত থাকে ।