ত্ৰিপুৰাত বিজেপিৰ জঙ্গলৰাজৰ অভিযোগ ,বিপ্লৱ দেবৰ পদত্যাগৰ দাবী তৃণমূলৰ

212

ত্ৰিপুৰাত বিজেপিৰ জঙ্গলৰাজৰ অভিযোগ ,বিপ্লৱ দেবৰ পদত্যাগৰ দাবী তৃণমূলৰ

ষ্টাফ ৰিপৰ্টাৰ,দুৰ্নীতিৰ দৰ্পন,৯আগষ্টঃ ত্ৰিপুৰাত বিজেপিয়ে জঙ্গলৰাজ চলাইছে বুলি অভিযোগ উত্থাপন কৰিলে তৃণমূল কংগ্ৰেছে।উত্তৰ পূৰ্বাঞ্চলৰ বিজেপি শাসিত ৰাজ্যত নতুনকৈ হিংসাৰ ঘটনা বৃদ্ধি পাইছে, সোমবাৰে সাংবাদিকৰ আগত এনেদৰেই দাবি কৰিছে দুজন নেতা ক্ৰমে কুনাল ঘোষ আৰু সমীৰ চক্ৰবৰ্তীয়ে।পুলিচক ব্যৱহাৰ কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব দেবে ৰাজ্যত সন্ত্ৰাস চলাইছে বুলিও অভিযোগ কৰি তৃণমূলৰ নেতাই মুখ্যমন্ত্ৰী বিপ্লব দেবৰ পদত্যাগৰ দাবী জনায়।ত্ৰিপুৰাত ২০২৩চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি অভিষেক বন্দ্যোপাধ্যায়ৰ নেতৃত্বত বাংলাৰ পাঁচ নেতাক সংগঠন প্ৰসাৰৰ দায়িত্ব দিছে দলনেত্ৰী মমতাই।সেই তালিকাত আছে দলৰ অন্যতম মুখপাত্ৰ কুণাল আৰু প্ৰাক্তন বিধায়ক সমীৰ ।কুণালে সোমবাৰত বিজেপি আৰু ত্ৰিপুৰাৰ চৰকাৰৰ লগতে জাতীয় মানবাধিকাৰ আয়োগকো কঠোৰ ভাষাৰে সমালোচনা কৰে।বাংলাৰ ভোটৰ সময়ৰ সন্ত্ৰাসৰ অভিযোগ লৈ জাতীয় মানবাধিকাৰ আয়োগ তৎপৰ হলেও ত্ৰিপুৰাৰ মানবাধিকাৰ লঙ্ঘনৰ ঘটনাক লৈ মানবাধিকাৰ আয়োগ তৎপৰ নহয় বুলি অভিযোগ কুনালৰ।কুনালে কয় যে,“জাতীয় মানবাধিকাৰ আয়োগ এতিয়া বিজেপিৰ আয়োগ ।”শনিবাৰে ত্ৰিপুৰাত বিক্ষোভ ,জনসমাগমৰ বাবে তৃণমূলৰ ১৪জন নেতাক গ্ৰেপ্তাৰ কৰিছিল সেই ৰাজ্যৰ পুলিচে।তাৰ পাছত দেওবাৰত ত্ৰিপুৰালৈ যায় তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক।সেই দিনৰ ভাটিবেলাতেই ধৃত তৃণমূলৰ নেতাসকলে জামিন লাভ কৰে ।সোমবাৰত খুৱাই জিলাত তৃণমূলত যোগ দিবলৈ যোৱাৰ সময়ত বাটত কেইজন বামপন্থী নেতা কৰ্মীয়ে বিজেপি গুণ্ডাৰ আক্ৰমনত আহত হয় বুলিও অভিযোগ তৃণমূলৰ।