নকল তৃণমূলী সকলক শান্ত নকৰা পৰ্যন্ত সৰৱ থাকিমঃ তৃণমূল বিধায়ক মনোৰঞ্জন বেপাৰী

149

নকল তৃণমূলী সকলক শান্ত নকৰা পৰ্যন্ত সৰৱ থাকিমঃ তৃণমূল বিধায়ক মনোৰঞ্জন বেপাৰী

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ১০ আগষ্টঃ ফেচবুকত মনোৰঞ্জনৰ কেইটা পোষ্ট লৈ সৃষ্টি হৈছে বিতৰ্ক । বলাগড়ৰ তৃণমূল বিধায়ক মনোৰঞ্জন বেপাৰীয়ে দলৰ একাংশৰ বিৰুদ্ধে তেওৰ ফেচবুক পোষ্টৰ ব্যাখ্যা দিয়ে । মঙ্গলবাৰে তেও কয় যে , “যি সকলৰ বিৰুদ্ধে ক্ষোভ উজাৰিছো বিগত নিৰ্বাচনত সেই সকলৰ ভূমিকা ভাল নাছিল । তেওলোকে দলৰ মাজত অন্তৰ্কন্দলৰ সৃষ্টি কৰি মোক হৰুৱাৰ চেষ্টা কৰিছিল । দলক হৰুৱাৰ চেষ্টা কৰিছিল । কিন্তু হৰুৱাব পৰা নাই , দলেও জয়ী হৈছে , মইয়ো জয়ী হৈছো । এতিয়া তেওলোকৰ ক্ষোভ হল যে , তেওলোকে মোক মানি লৱ পৰা নাই ।” তৃণমূলৰ সেই অন্তৰ্কন্দলৰ অংশ হিচাপে মনোৰঞ্জনে কয় যে , “তেওলোকে ভাবিছিল , মই ইয়াত আহিছো , নিৰ্বাচনত পৰাজিত হৈ ভূত হৈ ঘৰলৈ গুচি যাম । কিন্তু মোক বলাগড়ৰ মানুহে জয়ী কৰাইছে । মমতা বন্দ্যোপাধ্যায়ৰ আশীৰ্বাদে মোক জয়ী কৰাইছে । এইটো তেওলোকে মানি লৱ পৰা নাই । তেওলোকে মোৰ বিৰুদ্ধে প্ৰচাৰ কৰিছে । মোৰ লগত আছে সাধাৰণ মানুহ । তেওলোকে ফেচবুকত নাথাকে ।সেইকাৰণে মই স্পষ্টীকৰণ দিব লগা হৈছে ।”