প্ৰদেশ কংগ্ৰেছত আলোড়ন, ২১২ জন কংগ্রেছী প্ৰাক্তন মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ নামত কাৰণ দৰ্শোৱাৰ জাননী

114

প্ৰদেশ কংগ্ৰেছত আলোড়ন, ২১২ জন কংগ্রেছী প্ৰাক্তন মন্ত্ৰী, সাংসদ আৰু বিধায়কৰ নামত কাৰণ দৰ্শোৱাৰ জাননী

দুৰ্নীতিৰ দৰ্পণ,ষ্টাফ ৰিপৰ্টাৰ, ২৩ ছেপ্টেম্বৰঃ যোৱা বিধানসভা নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীৰ বিৰোধিতা কৰি বিৰোধী পক্ষৰ প্ৰাৰ্থীক পৰোক্ষ বা প্ৰত্যক্ষভাৱে সহায় আৰু সমৰ্থন কৰি দল বিৰোধী কাৰ্য্যকলাপত জড়িত দলৰ প্ৰায় ২১২ জন সদস্যৰ বিৰুদ্ধে অভিযোগ পোৱা গৈছে । প্ৰায় ১৫ খন জিলা কংগ্ৰেছ কমিটিয়ে এই অভিযোগ সমূহ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ওচৰত দাখিল কৰিছে বুলি জানিব পৰা গৈছে । অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে এই অভিযোগ সমূহ পৰীক্ষা কৰিবলৈ এখন তদন্ত কমিটী গঠন কৰি দিছিল । এই তদন্ত কমিটীয়ে এই অভিযোগ সমূহ পৰীক্ষা কৰে আৰু যিসকল সদস্যৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে তেওঁলোকৰ বিৰুদ্ধে জাননী জাৰি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । অভিযুক্ত কংগ্ৰেছ সদস্য সকলে আত্মপক্ষ সমৰ্থন কৰি ১৫ দিনৰ ভিতৰত স্পষ্টীকৰণ দিব লাগিব । অভিযোগ সমূহৰ প্ৰতিলিপি লগত গাঠি দিয়া হ’ব । কাৰণ দৰ্শোৱাৰ জাননী দিয়া সকলৰ মাজত আছে প্ৰাক্তন বিধায়ক,মন্ত্ৰী,সাংসদো । ৰাজ্যৰ আটাইকেইখন জিলাৰ পৰা মুঠ ২১২ জনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে । ইয়াৰ ভিতৰত লক্ষীমপুৰ ৫১ টা, কৰিমগঞ্জত ২৯ টা, ধুবুৰীত ২৬ টা, তিনিচুকীয়া জিলাত ২৫টা,কামৰূপ মহানগৰত ১৯ টা, ডিব্ৰুগড়ত ১২ টা, হোজাইত ৮ টা , চৰাইদেউত ৮ টা , শোণিতপুৰ জিলাত ৮ টা , বিশ্বনাথত ২ টা , কামৰূপত ২ টা , নগাঁৱত ৫ টা , হাইলাকান্দিত ৫ টা , বঙাইগাঁৱত ৪ টা আৰু কাৰ্বি আংলং ৮ টা অভিযোগ পোৱা গৈছে ।