বৰপেটা জিলা কংগ্ৰেছৰ “ইয়ং ব্ৰিগেড”ৰ সভাপতিৰ দায়িত্ব পালে টুটু ওঁজাই

116

বৰপেটা জিলা কংগ্ৰেছৰ “ইয়ং ব্ৰিগেড”ৰ সভাপতিৰ দায়িত্ব পালে টুটু ওঁজাই

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ১২ আগষ্টঃ কংগ্ৰেছ দলক শক্তিশালী কৰাৰ লক্ষ্যৰে কংগ্ৰেছ দলৰ বৰপেটা জিলা ইয়ং ব্ৰিগেডৰ নতুন সভাপতি হিচাপে দলে নিযুক্তি প্ৰদান কৰে টুটু ওজাক । ৰাজ্যিক ইয়ং ব্ৰিগেডৰ সভাপতি দ্বীপ বায়নে দলৰ নিষ্ঠাবান কৰ্মী হিচাপে নিযুক্তি প্ৰদান কৰে টুটু ওজাক । টুটু উজা কংগ্ৰেছৰ এগৰাকী অতি নিষ্ঠাবান কৰ্মী হিচাপে বৰপেটা জিলাত পৰিচিত । টুটু ওজাক জিলা ইয়ং ব্ৰিগেডৰ সভাপতি হিচাপে পাই উৎফুল্লিত হৈ পৰিছে দলীয় কৰ্মীসকল । দলীয় কৰ্মীসকলে কংগ্ৰেছৰ বৰপেটা জিলা ইয়ং ব্ৰিগেডৰ নতুন সভাপতি টুটু উজাক বিশেষ ভাবে সম্ভৰ্ধনা জনায় । লগতে দলে এই গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত কৰা বাবে দলৰ হাই কামাণ্ডক কৃতজ্ঞতা জনায় টুটু ওজাই ।