ভৱানীপুৰ বিজেপি কৃষাণ মৰ্চাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন

127
ভৱানীপুৰ বিজেপি কৃষাণ মৰ্চাৰ দ্বিতীয় কাৰ্যনিৰ্বাহক সভা সম্পন্ন
দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস, ভৱানীপুৰ ২৩ আগষ্ট: ভৱানীপুৰ বিজেপি কৃষাণ মৰ্চাৰ দ্বিতীয়খন কাৰ্যনিৰ্বাহক সভা আজি দেনাৰটাৰী বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হয়।কৃষাণ মৰ্চাৰ সভাপতি গিৰিণ দাসে সভাপতিত্ব কৰা সভাখনত মুখ্য অতিথি ৰূপে উপস্থিত থাকে বজালী জিলা বিজেপি কৃষাণ মৰ্চাৰ সভাপতি গণেশ কলিতাই । ভাষণ প্ৰসংগত কলিতাই এক শ দিন সম্পূৰ্ণ কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে দূৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা স্থিতিক প্ৰশংসা কৰি এই চৰকাৰখনে দুখীয়াৰ হকে আৰু উন্নয়নৰ সপক্ষে চিৰদিন কাম কৰি যাব বুলি উল্লেখ কৰে । সভাখনত নিৰ্দিষ্ট বক্তা ৰূপে উপস্থিত থাকে ক্ৰমে ভৱানীপুৰ মণ্ডলৰ সভানেত্ৰী মামণি পাটগিৰি, বজালী জিলাৰ সদস্য পুলিন তালুকদাৰ, ভৱানীপুৰ উত্তৰ মণ্ডলৰ সাধাৰণ সম্পাদক ডিম্বেশ্বৰ তালুকদাৰ আদিয়ে । প্ৰায় একশ গৰাকী সদস্য‌ই অংশগ্ৰহণ কৰা সভাখনত বিজেপি কৰ্মী বণজিৎ মণ্ডলে শলাগৰ শৰাই আগবঢ়াই ।
Attachments area