৭ বছৰত বিজেপিত যোগদান ২৫৩ জন প্রতিনিধিৰ

91

৭ বছৰত বিজেপিত যোগদান ২৫৩ জন প্রতিনিধিৰ

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ১০ ছেপ্তেম্বৰঃ ; দেশৰ শাসনলৈএন ডি এ চৰকাৰ অহাৰ পিছত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে,তাৰ ভিতৰত কেইজনমান উল্লেখযোগ্য নেতাৰ নাম ক্ৰমে হিমন্ত বিশ্বশৰ্মা, জ্যোতিৰাদিত্য সিন্ধিয়া, জিতেন্দ্ৰ প্ৰসাদকে আদি কৰিআৰু অনেকজন আছে । কিন্তু এই নামবোৰ হিমালয়ৰ চূড়া। তেওঁলোকৰ দৰে আন বহুতো নেতাই যোৱা সাত বছৰত বিজেপিত যোগদান কৰিছে। কেৱল কংগ্ৰেছ এৰি যোৱাই নহয়; আন দলৰ পৰাও বিজেপিত যোগদান কৰা সংখ্যাও যথেষ্ট আশ্চৰ্যজনক। এছ’চিয়েশ্যন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ এক সমীক্ষাত প্ৰকাশ যে ২০১৪ চনৰ পৰা ২০২১ চনলৈ বিভিন্ন দলৰ ২৫৩ জন জনপ্ৰতিনিধিয়ে বিজেপিত যোগদান কৰিছে। ইয়াৰ উপৰিও, যোৱা সাত বছৰত মুঠ ১১৩৩ জন জনপ্ৰতিনিধিয়ে দল পৰিৱৰ্তন কৰিছে। অৰ্থাৎ, তেওঁলোকৰ ২২ শতাংশই বিজেপিত যোগদান কৰিছে। এই দল পৰিবৰ্তনৰ তালিকাখনত কংগ্ৰেছ বহুত পিছ পৰি আছে। কেন্দ্ৰত বিজেপি শাসনলৈ অহাৰ পিছত আন আন দলৰ পৰা ১১৫ জন জনপ্ৰতিনিধিয়ে কংগ্ৰেছত যোগদান কৰিছে। এই তালিকাত বিএছপি তৃতীয় স্থানত আছে। যোৱা সাত বছৰত মুঠ ৬৫ জন জন প্ৰতিনিধিয়ে বিএছপিত যোগদান কৰিছে। জৰীপটোত কোৱা হৈছে যে ২০১৪ চনৰ পৰা ২০২১ চনলৈ দল পৰিৱৰ্তনৰ ফলত কংগ্ৰেছ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল। কিয়নো যোৱা সাত বছৰত, সৰ্বাধিক সংখ্যক দলৰ টিকটত জয় হৈ অহা প্ৰতিনিধিয়ে কংগ্ৰেছ ত্যাগ কৰিছে। এডিআৰ প্ৰতিবেদনত কোৱা হৈছে যে এই সাত বছৰত ২২২ জন কংগ্ৰেছ জনপ্ৰতিনিধিয়ে আন দলত যোগদান কৰিছে। ইয়াৰ ভিতৰত, ১৭৭ জন বিধায়ক বা সাংসদ সদস্য। যিটো মুঠ দলত্যাগৰ প্ৰায় ২০ শতাংশ। বহুজন সমাজ পাৰ্টি ভুক্তভোগীৰ তালিকাত দ্বিতীয় স্থানত আছে। যোৱা সাত বছৰত, বিএছপিয়ে বিভিন্ন স্তৰৰ পৰা ১৫৩ জন জনপ্ৰতিনিধিয়ে দল এৰিগৈছে। বিৰোধী শিবিৰৰ জনপ্ৰতিনিধিসকলক ভাঙিনি চৰকাৰ গঠনৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে একেবাৰে নতুন নহয়। ৰাজনৈতিক বিশ্লেষক সকলৈ কয় যে গেৰুৱা শিবিৰে বিৰোধী বিধায়কসকলক ভাঙি গেৰুৱা শিবিৰলৈ অনাৰ বাবে অর্থবল আৰু কেন্দ্ৰীয় সংস্থাসমুহ ব্যৱহাৰ কৰে। এডিআৰৰ প্ৰতিবেদনে যেন সেই অভিযোগ বোৰকে স্বীকাৰ কৰা যেন লাগিছে।