ৰতন টাটা দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাৰ সম্ভাৱনা , অহা বছৰতে শেষ হব ৰামনাথ কোবিন্দৰ কাৰ্যকাল

142

ৰতন টাটা দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাৰ সম্ভাৱনা , অহা বছৰতে শেষ হব ৰামনাথ কোবিন্দৰ কাৰ্যকাল

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ , ১২ আগষ্টঃ উদ্যোগপতি ৰতন টাটা দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । উল্লেখযোগ্য যে , অক্টোবৰত ৭৬ বছৰীয়া হব বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ । ২০২২ ৰ জুলাই মাহত অন্ত পৰিব ৰামনাথ কোবিন্দৰ কাৰ্যকাল । আৰম্ভ হৈছে নতুন ৰাষ্ট্ৰপতিৰ সন্ধান । নতুন ৰাষ্ট্ৰপতিৰ বাবে ইণ্টাৰনেটত আৰম্ভ হৈছে উদ্যোগপতি ৰতন টাটাৰ নাম । টুইটাৰত হেছটেগ ‘Ratan Tata 4 President’ বুলি কেম্পেইন আৰম্ভ কৰিছে একাংশই । দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি কোন হ’ব , তাক লৈ দেশৰ শাসক-বিৰোধীয়েও কুচকাৱাজ আৰম্ভ কৰিছে । সংবিধানত এনে কোনো বাধা নিষেধ নাই যে এজন লোকে দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হ’ব নোৱাৰে । কিন্তু ৭৫ বছৰতকৈ অধিক বয়সৰ লোকক কোনো পদ দিয়াৰ নীতিৰ বিৰোধী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অৱশ্যে ৰতন টাটাৰ তৰফৰ পৰা এতিয়ালৈ এই বিষয়ে কোনো মন্তব্য প্ৰকাশ পোৱা নাই বা এই ক্ষেত্ৰত কোনো আনুষ্ঠানিকতা হোৱা নাই ।