এচ এচ কে এম হস্পিটেলত গৈ নন্দীগ্ৰামত আঘাতপ্ৰাপ্ত ভৰিৰ স্ক্যান কৰিলে মমতা বন্দোপাধ্যায়ে

123

এচ এচ কে এম হস্পিটেলত গৈ নন্দীগ্ৰামত আঘাতপ্ৰাপ্ত ভৰিৰ স্ক্যান কৰিলে মমতা বন্দোপাধ্যায়ে

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ১২ আগষ্টঃ যোৱা বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ দিনাই ভৰিত আঘাত পাইছিল মুখ্যমন্ত্ৰী মমতা বন্দোপাধ্যায়ে । প্ৰথমে প্লাষ্টাৰ আৰু তাৰ পাছত বেণ্ডিজ লৈয়ে নিৰ্বাচনী প্ৰচাৰ কৰিছিল তেও । বৃহস্পতিবাৰে সেই ভৰি পুনৰ স্ক্যান কৰিলে মমতা । বৃহস্পতিবাৰে মমতা এচ এচ কে এম হস্পিটেলত গৈছিল । ত্ৰিপুৰাত গৈ আক্ৰান্ত তৃণমূল নেতা জয়া দত্ত , সুদিপ ৰাহাৰা সেই হস্পিটেলৰ উডৰ্বান ওৱাৰ্ডত চিকিৎসাধীন হৈ আছে । তেওলোকৰ খবৰ লবলৈ গৈছিল মমতা বন্দোপাধ্যায়ে । সেই সুযোগত নিজৰ ভৰিও দেখুৱালে চিকিৎসকক । মুখ্যমন্ত্ৰীজনে কয় যে , “সুদীপ সকলক চাবলৈ আহিছিলো । তেওৰ শৰীৰ অলপ বেয়া হৈছে । মোৰ ভণ্টিয়েও ভৰ্তি হৈছে । তেখেতকো চাই গলো আৰু মোৰ ভৰিখনো এবাৰ দেখাবলৈ বাকী আছিল , সেইখিনিও স্ক্যান কৰিলো ।” চিকিৎসক সকলে কি জনাইছে বা কেনেকুৱা পৰামৰ্শ দিছে , সেই সম্পৰ্কে একো কোৱা নাই মুখ্যমন্ত্ৰী গৰাকীয়ে । যোৱা ১০ মাৰ্চত নন্দীগ্ৰামৰ বিৰুলিয়া অঞ্চলত ভৰিত আঘাত পায় মমতা বন্দোপাধ্যায়ে । আঘাত প্ৰাপ্ত অৱস্থাত কলকাতালৈ ঘূৰি আহি এচ এচ কে এম হস্পিটেলত ভৰ্তি হৈছিল । কিছুদিন পিছত হস্পিটেলৰ পৰাই আহি হোইলচেয়াৰত বহি নিৰ্বাচনী প্ৰচাৰৰ বাবে কলকাতাৰ পথত নামে । ইয়াৰ পাছত গোটেই প্ৰচাৰ কাৰ্য হোইলচেয়াৰত বহি‌য়েই সম্পাদন কৰে মমতা বন্দোপাধ্যায়ে । দীৰ্ঘ দিনৰ পাছত হোইলচেয়াৰৰ পৰা নামি প্ৰথম খোজ কাঢ়ে ২ মেৰ সন্দিয়াত । পাছত সম্পুৰ্ণ সুস্থ হোৱাৰ লগতে তেও পুনৰ মুখ্যমন্ত্ৰী হবলৈ সক্ষম হয় ।