তৃণমূলৰ সাংসদ দিব্যেন্দুৰ গাড়ীত টেঙ্কাৰৰ খুন্দা , কোনোমতে প্ৰাণ ৰক্ষা

178
তৃণমূলৰ সাংসদ দিব্যেন্দুৰ গাড়ীত টেঙ্কাৰৰ খুন্দা , কোনোমতে প্ৰাণ ৰক্ষা
ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ,৭আগষ্টঃ এখন ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পালে তমলুকৰ তৃণমূল সাংসদ দিব্যেন্দু অধিকাৰীয়ে। শনিবাৰে ৰাতি তমলুকৰ পৰা কাথিৰ শান্তিকুঞ্জত ঘূৰি অহাৰ সময়ত  ১১৬বি জাতীয় ৰাস্তাত চণ্ডীপুৰ থানাৰ মগৰাজপুৰ ৰেল ক্ৰচিংৰ ওচৰত দুৰ্ঘটনাত পৰে সাংসদ গৰাকীৰ গাড়ী।এখন তেলৰ টেঙ্কাৰে তেওঁৰ গাড়ীত খুন্দিয়াই পলাই যায়। কিন্তু চালকৰ তৎপৰতাৰ বাবে কোনো ধৰণৰ আঘাত নোপোৱা বুলি জনাইছে দিব্যেন্দু। সাংসদ গৰাকীয়ে আনন্দবাজাৰ অনলাইনত এনেদৰে কয় যে,“মই ঘৰত আহিছো। ভালেই আছোঁ,সুস্থ আছোঁ।”ঘটনাটো কেনেকৈ সংঘটিত হ’ল জানিব বিচৰাত উত্তৰত তেওঁ কয় যে,“মগৰাজপুৰ ৰেল ক্ৰচিংৰ ওচৰত এটা তেলৰ টেঙ্কাৰে খুন্দিয়াই চেপা দিব বিচাৰিছিল মোৰ গাড়ী। কিন্তু চালকজনৰ তৎপৰতাৰ বাবে বাচি আহিছোঁ।”সেই টেঙ্কাৰটোক চিহ্নিত কৰিব পৰা নাই বুলি উল্লেখ কৰিছে দিব্যেন্দু। তেওঁ কৈছে যে,“ তীব্ৰ গতিত গাড়ীখন সোমাই আহিছিল।সেয়ে চিনি পোৱাৰ উপাই নাছিল। খুন্দা মাৰিয়েই গাড়ীখন পলাই যায়। বৰ্তমানলৈকে সাংসদ গৰাকীয়ে পুলিচক কোনো অভিযোগ কৰা নাই।