অখিল গগৈৰ প্ৰধান কাম হ’ল সমালোচনা কৰাঃ প্ৰদ্যুৎ বৰদলৈয়

82

অখিল গগৈৰ প্ৰধান কাম হ’ল সমালোচনা কৰাঃ প্ৰদ্যুৎ বৰদলৈয়

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, ১০ অক্টোবৰঃ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সমালোচনা কৰি ভাল পায় ৷ যিকোনো কথাত অখিল গগৈয়ে সমালোচনা কৰে ৷ মাথো সমালোচনা নহয় , অখিল গগৈৰ আন দুই কাম হ’ল , যিকোনো বিষয়ৰ মাজত সোমাই মাত মতা , আৰু দলৰ মাজত ভাঙোন সৃষ্টি কৰা ৷ বহু বৈশিষ্টৰ ভিতৰত অখিল গগৈৰ এয়া অন্যতম কাম তথা লক্ষণ ৷ এনেদৰে অখিল গগৈক কঠোৰ সমালোচনা কৰে নগাওঁৰ কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ উল্লেখ্য যে , আগন্তুক উপ-নিৰ্বাচনৰ বাবে ৰাইজৰ দল আৰু কংগ্ৰেছে মিত্ৰতা কৰাকলৈ বহুবাৰ আলোচনাত মিলিত হৈছিল । কিন্তু কাৰ্যত সেয়া কামত নাহিল । থাওৰা সমষ্টিক লৈ আকোৰগোঁজ স্থিতি লোৱা অখিল গগৈক কংগ্ৰেছে এৰি নিদিলে সমষ্টিটোত । তাৰ পৰিৱৰ্তে আগবঢ়ালে ভৱানীপুৰ সমষ্টি । ফলত অখিল গগৈয়ে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি অকলে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । ফলত এতিয়া অখিল গগৈৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছে কংগ্ৰেছী সাংসদ গৰাকী । ইপিনে , শ্বেৰমান আলীৰ গ্ৰেপ্তাৰক লৈ উপ-নিৰ্বাচনত কি ধৰণৰ প্ৰভাৱ পৰিব বুলি কৰা সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বৰদলৈয়ে কয় যে , শ্বেৰমান আলীৰ গ্ৰেপ্তাৰে কোনো প্ৰভাৱ নেপেলাই উপ-নিৰ্বাচনত ৷ কিয়নো , শ্বেৰমান আলীৰ বিৰুদ্ধে দলে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগে , সেয়া সকলোখিনি গ্ৰহণ কৰিছে । সেয়ে ইয়াতকৈ পৃথক ব্যৱস্থা গ্ৰহণ কৰাৰ কোনো পদক্ষেপ নাই ৷ ৰাইজে হয়তো সেয়া বুজি পাব বুলি মন্তব্য কৰে সংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷