অন্তিম দিনত বিপিএফৰ নিৰ্বাচনী সভা , এই নিৰ্বাচন সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে নিৰপেক্ষতাৰ যুঁজঃ ছিদ্দিক আহমেদ

14

অন্তিম দিনত বিপিএফৰ নিৰ্বাচনী সভা , এই নিৰ্বাচন সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে নিৰপেক্ষতাৰ যুঁজঃ ছিদ্দিক আহমেদ

দুৰ্নীতিৰ দৰ্পণ সেৱা,মিজানুৰ ৰহমান, গোসাঁইগাঁও , ৪ এপ্ৰিলঃ চলিত ২০২১ ৰ বিধান সভা নিৰ্বাচন সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে ধৰ্ম নিৰপেক্ষতাৰ যুঁজ ৷ এইবাৰৰ নিৰ্বাচন জাতি জনগোষ্ঠীৰ অস্থিত্ব ৰক্ষাৰ সংগ্ৰাম ৷ বিধান সভা নিৰ্বাচন ঐক্যবদ্ধভাবে সকলো জাতি জনগোষ্ঠীয়ে সাম্প্ৰদায়িক শক্তিক প্ৰতিহত কৰাৰ সংগ্ৰাম৷সাম্প্ৰদায়িক শক্তিক পৰাস্ত কৰিব লাগিব ৷ বিভেদকামী শক্তিক প্ৰতিহত কৰাৰ নিৰ্বাচনী যুঁজ ৷ এতিয়াৰ সময় , ধৰ্ম-জাতি ৰক্ষা আৰু অস্থিত্বৰ বাবে চিন্তা কৰিব লাগিব ৷ গতিকে , ৰাইজে ভোট বিভাজন কৰি বিজেপি শক্তিক জয়ী নকৰিব ৷ এই দলে দেশত শাসনভাৰ লোৱাৰ পিছতে দ্ৰব্যমুল্য আকাশলংঘী হ’ল ৷ বিদেশৰ কলা ধন ঘুৰাই দিয়া প্ৰতিশ্ৰুতিৰ বিপৰীতে বেংকৰ লাখ লাখ কোটি টকা লৈ পলায়নৰ সুযোগ কৰি দিলে ৷ কৰ্মসংস্থাপনৰ সলনি দেশৰ উদ্যোগ সমুহ বন্ধ হ’ল ৷ দেশৰ ৰাজহুৱা সম্পত্তি ৰেল , ৰেল ষ্টেচন , বিমানঘাটি , তেল নিগম আদি সহ বহু ৰাজহুৱা সম্পত্তি বিক্ৰী কৰিলে ৷ নোট বন্ধি , লকডাউনত ৰাইজ সৰ্বস্বান্ত হ’লগীয়া হ’ল ৷ তেনে দলে ভোটৰ লালসাত সাম্প্ৰদায়িক ৰাজনীতি দলক ভোট দিলে ৰাইজৰ দুৰ্দশা বৃদ্ধি হ’ব বুলি বিজেপিৰ ক্ষুৰধাৰ সমালোচনা প্ৰাক্তন মন্ত্ৰী ছিদ্দিক আহমেদৰ ৷ অসম বিধান সভাৰ ২৮ নং গোসাঁইগাঁও সমষ্টিৰ সাপকাটাত মহাজোঁটৰ সমৰ্থিত বিপিএফৰ প্ৰাৰ্থী মাজেন্দ্ৰ নাৰ্জাৰীৰ হৈ অন্তিমটো প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ড° হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু সম্প্ৰদায়ক লৈ আৰম্ভ কৰা অতি নিকৃষ্ট ৰাজনীতিক ধিক্কাৰ দি বড়ো,আদিবাশী, ৰাজবংশী আদিকে ধৰি বিভিন্ন জাতিজনগোষ্ঠীৰ অস্থিত্ব বিপন্ন কৰা বিজেপিক এইবাৰ উচিত প্ৰত্যুত্তৰ দিবলৈ আহ্বান জনায় ৷ শ্ৰীৰামপুৰ ব্লক সভাপতি হাচেন আলী আহমেদে পৰিচালনা কৰা নিৰ্বাচনী প্ৰচাৰ সভাত মুছলিম ল’ বৰ্ডৰ ৰাজ্যিক সভাপতি মুফতি মুকিবুৰ ৰহমানেও বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি , সংখ্যালঘু সম্প্ৰদায়ক সদায়ে কৰা তুচ্ছ তাচ্ছিল্য , মহিলাক অপমান আদিৰ বিৰুদ্ধে সোচ্চাৰ হৈ বিজেপি আৰু সহযোগী ইউপিপিএলক প্ৰত্যাখ্যান কৰিবলৈ আহ্বান জনায় ৷ সভাত কংগ্ৰেছৰ জিলা সভাপতি মোমিনুৰ ইছলাম সহ আন ভালে কেইগৰাকী নেতাই মহাজোঁটৰ সমৰ্থিত বিপিএফৰ প্ৰাৰ্থী মাজেন্দ্ৰ নাৰ্জাৰীক বিপুল ভোটত জয়ী কৰাই ৰাজ্যত মহাজোঁটৰ শক্তিশালী চৰকাৰ গঠনৰ অংশীদাৰ হবলৈ আহ্বান জনায় ৷ সভাত কেইবা শতাধিক পুৰুষ মহিলাই অংশ গ্ৰহণ কৰে ৷