অভয়াপুৰী দক্ষিণ সমষ্টিত মহাজোঁটৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰে প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছত উৎফুল্লিত

57

অভয়াপুৰী দক্ষিণ সমষ্টিত মহাজোঁটৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰে প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছত উৎফুল্লিত
দুৰ্নীতিৰ দৰ্পণ সেৱা , অভয়াপুৰীৰ , জ্যোতিকেশ বৰুৱা , ১৭ ৰ্মাচ : ৩৫ নং অভয়াপুৰী দক্ষিণ সমষ্টিত মহাজোঁটৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰে প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছত উৎফুল্লিত হৈ পৰিছে দলীয় নেতা-কৰ্মী কিম্বা সমৰ্থক সকলে।তাৰেই অংশ হিচাপে আজি ৩৫ নং অভয়াপুৰী দক্ষিণ সমষ্টিৰ মহাজোঁটৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰে প্ৰাৰ্থীত্ব লাভ কৰাৰ পিছত পোন প্ৰথমবাৰৰ বাবে সমষ্টিটোত পদাৰ্পণ কৰে আৰু দলীয় নেতা-কৰ্মী আৰু সমৰ্থক সকলে বিপুল ভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে সমষ্টিটোত আদৰণি জনোৱাৰ উদ্দেশ্যে এক বিশাল বাইক ৰেলী উলিওৱা হয় ।

যোগীঘোপাৰ চলন্তাপাৰাৰ পৰা অভয়াপুৰী লৈ হাজাৰ হাজাৰ সমৰ্থকেৰে বাইক আৰু পুষ্প সজ্জিত চাৰিচকীয়া বাহনৰ লগতে ঢোলে দগৰে ৰেলি কৰি সমষ্টিলৈ আদৰি অনাৰ লগতে অসমৰ স্বাভিমান ফুলাম গামোচা আৰু ফুলৰ মালাৰে শুভেচ্ছা জনায়।দলীয় কৰ্মী সকলোৰ লগত প্ৰদীপ সৰকাৰে সমষ্টিটোৰ বিভিন্ন প্ৰান্তত সমদল কৰি আহি সন্ধীয়া ছয় মান বজাত অভয়াপুৰী গান্ধী ময়দানত সমবেদ হৈ ৰাইজক উদ্দ্যেশি ভাষণ প্ৰসংগত কয় যে , তেওঁ নিৰ্বাচনত জিকিলে তেৱঁৰ প্ৰয়াত পিতৃ চন্দন কুমাৰ সৰকাৰৰ আধৰুৱা কাম সম্পুৰ্ণ কৰিব বুলি ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিয়ে ।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here