অভয়াপুৰী দক্ষিণ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰৰ মনোনয়ন পত্ৰ দাখিল

40

অভয়াপুৰী দক্ষিণ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰৰ মনোনয়ন পত্ৰ দাখিল
দুৰ্নীতিৰ দৰ্পণ সেৱা , অভয়াপুৰীৰ , জ্যোতিকেশ বৰুৱা , ১৯ ৰ্মাচ : অভয়াপুৰী দক্ষিণ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ বৃহৎ সমদল । মনোনয়ন দাখিলৰ বাবেই এই বৃহৎ সমদল । আজি দক্ষিণ সমষ্টিৰ মনোনয়ন দাখিল কৰাৰ অন্তিম দিন। কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰে হেজাৰ হেজাৰ সমৰ্থকক লগত লৈ উত্তৰ শালমাৰা মহুকুমাধিপতি কাৰ্য্যালয়ত দাখিল কৰে মনোনয়ন পত্ৰ । লগতে অভয়াপুৰী দক্ষিণ সমষ্টিত এইবাৰ ১০০% ত কংগ্ৰেছ জয়ী হব বুলি দাবী জনায় , অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰ জোটৰ প্ৰাৰ্থীয়ে এইটো সমষ্টিত কোনো ধৰণৰ প্ৰভাৱ পেলাব নোৱাৰে বুলি মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদীপ সৰকাৰে ।