আল্লাহৰ হুকুম হ’লে জিকিম, নহ’লে হাৰিম, আপোনালোকে ডাঙৰ কথা নক’ব’ , যমুনামুখত উত্তেজিত ৰাইজক ধমক বিধায়ক আব্দুৰ ৰহিম আজমলৰ

52

আল্লাহৰ হুকুম হ’লে জিকিম, নহ’লে হাৰিম, আপোনালোকে ডাঙৰ কথা নক’ব’ , যমুনামুখত উত্তেজিত ৰাইজক ধমক বিধায়ক আব্দুৰ ৰহিম আজমলৰ

জমিৰ উদ্দিন তালুকদাৰ, ডবকা , ২০ ফেব্ৰুৱাৰীঃ যমুনামুখ সমষ্টিৰ বিভিন্ন প্ৰান্তত আজি প্ৰায় দহটাকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি কাৰ্যতঃ ৰাইজৰ ৰোষত পৰিবলগীয়া হয় যমুনামুখৰ অকৰ্মন্য বিধায়ক আব্দুৰ ৰহিম আজমল ৷ বিধায়ক আজমলক সমষ্টিটোৰ মোৰাঝাৰৰ পদুমনিত একাংশ লোকে প্ৰশ্নবানেৰে থকা-সৰকা কৰা দেখা যায় ৷ এটা সময়ত ৰাইজৰ সন্মুখত উত্তেজিত হৈ পৰে বিধায়ক আব্দুৰ ৰহিম আজমল ৷ ভিৰৰ মাজৰ পৰা একাংশ যুৱকে আব্দুৰ ৰহিম আজমলক উদ্দেশ্য কৰি অঞ্চলটোৰ দূৰৱস্থাৰ কথা উত্থাপন কৰে ৷ তীব্ৰ ক্ষোভেৰে নিজৰ সমস্যা প্ৰকাশ কৰাত খঙত অগ্নিশৰ্মা হৈ পৰা বিধায়ক আজমলে ৰাইজক উদ্দেশ্য কৰি কয়–আল্লাহৰ হুকুম হ’লে জিকিম, ন’হলে হাৰিম ৷ আপোনালোক কোন ইমান ডাঙৰ ডাঙৰ কৈ কথা ক’বলৈ ? উল্লেখ্য ৰাইজে নিজৰ ক্ষোভ প্ৰকাশ কৰিছিল বিধায়কৰ সন্মুখত ৷ ৰাইজৰ দাবী আছিল পদুমনি-কালাজাৰ পথৰ নিৰ্মানত সংঘটিত দুৰ্নীতি দূৰ কৰি লাগে ৷ এছ অ পি ডি আঁচনিৰ ১ কোটি ৬৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ চলি থকা পথটোত ঠিকাদাৰে ভয়কৰ দুৰ্নীতি সংঘটিত কৰাৰ তথ্য ৰাইজে বিধায়কৰ সন্মুখত দাঙি ধৰি কৈছিল– ‘বিধায়ক মহোদয় আপুনি বিদেশত থকা মানুহ, ভাল ভাল ৰাস্তা দেখিছে ৷ কিন্তু স্বাধীনতাৰ পিচত প্ৰথমবাৰৰ বাবে এটা পকী ৰাস্তা পাইছো ৷ গতিকে সুন্দৰকৈ নিৰ্মাণ কৰাই দিয়ক ৷ নহলে নিৰ্বাচনত আমি আপোনাক প্ৰত্যুত্তৰ দিম ৷’ ৰাইজৰ এই কথাতেই খঙত ফাটি পৰা বিধায়ক আব্দুৰ ৰহিম আজমলে একাংশ ৰাইজক ধমক দি বেছি কথা নক’বলৈ একপ্ৰকাৰ ভাবুকি দিয়ে ৷ বিধায়কৰ নমিনি মোহাম্মদ আলীয়েও ভাবুকি দিয়ে ৰাইজক ৷ আচৰিতভাবে আজি বিধায়কে অৰ্ধনিৰ্মিত পথটোকেই উদ্বোধন কৰে ৷ আজি একেদিনাই সমষ্টিৰ ইমূৰৰ পৰা সিমূৰলৈ মুঠ দহখন আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here