উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীয়ে ৰাজীৱ ভৱনৰ পৰা সংগ্ৰহ কৰিলে দলীয় টিকট

112

উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ প্ৰাৰ্থীয়ে ৰাজীৱ ভৱনৰ পৰা সংগ্ৰহ কৰিলে দলীয় টিকট

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , ৫ অক্টোবৰঃ ৰাজ্যত আগন্তুক হবলগীয়া উপ-নিৰ্বাচনৰ পাঁচটা সমষ্টিৰ ভিতৰত তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে অসম প্ৰদেশ কংগ্ৰেছে ৷ গোসাঁইগাঁৱত জুৱেল টুডু , তামুলপুৰত ভাস্কৰ দাহাল আৰু থাওৰাত মনোৰঞ্জন কোঁৱৰৰ নাম ঘোষণা কৰাৰ পিছত মঙলবাৰে দলীয় টিকট সংগ্ৰহ কৰে প্ৰাৰ্থী কেইগৰাকীয়ে ৷ তামুলপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ দাহালে ৰাজীৱ ভৱনৰ পৰা দলীয় টিকট সংগ্ৰহ কৰে ৷ টিকট সংগ্ৰহ কৰি ভাস্কৰ দাহালে সংবাদ মাধ্যমত কয় যে , এইবাৰ তামুলপুৰৰ উপ–নিৰ্বাচনত দলে আমাক টিকট দিয়াত দলীয় কৰ্মীসকল উৎফুল্লিত হৈ উঠিছে ৷ সমষ্টিটোত আমাৰ শক্তি সবল ৷ সকলোৱে কাম কৰি আছে ৷ শাসকীয় মিত্ৰজোঁটৰ পৰা ইউ পি পি এলে প্ৰাৰ্থী দিছে যদিও আমাৰ জয় নিশ্চিত ৷ ইপিনে , গোসাঁইগাঁৱৰ প্ৰাৰ্থী জুৱেল টুডু আৰু থাওৰাৰ প্ৰাৰ্থী মনোৰঞ্জন কোঁৱৰৰ হৈ ৰাজীৱ ভৱনৰ পৰা দুয়োজনৰ প্ৰতিনিধিয়ে দলীয় টিকট সংগ্ৰহ কৰে ৷ পাঁচটা সমষ্টিৰ ভিতৰত ঘোষণা কৰিবলৈ বাকী থকা ভৱানীপুৰ সমষ্টিৰ বাবে ৰাইজৰ দললৈ অপেক্ষা কৰা হৈছে বুলি ৰাজীৱ ভৱনত এক সংবাদ মেলত ঘোষণা কৰে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি দ্বিজেন শৰ্মাই ৷ মৰিয়নী সমষ্টিৰ প্ৰাৰ্থীও আজিয়েই ঘোষণা কৰিব কংগ্ৰেছে ৷