গোসাঁইগাঁও বিধান সভা সমষ্টিৰ উপ নিৰ্বাচন , ৰথি-মহাৰথিৰে উপস্থিতিত গোসাঁইগাঁৱত পাঁচ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

51

গোসাঁইগাঁও বিধান সভা সমষ্টিৰ উপ নিৰ্বাচন , ৰথি-মহাৰথিৰে উপস্থিতিত গোসাঁইগাঁৱত পাঁচ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

দুৰ্নীতিৰ দৰ্পণ সেৱা গোসাঁইগাঁও, ৭ অক্টোবৰঃ শ-শ কৰ্মী-সমৰ্থকৰ আগমনেৰে ৰাজনৈতিক দলসমূহৰ ৰথী-মহাৰথীৰ উপস্থিতিৰ মাজতে বৃহস্পতিবাৰে গোসাঁইগাঁও বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে পাঁচগৰাকীকৈ প্ৰাৰ্থী৷ অসম বিধান সভাৰ ২৮ নং গোসাঁইগাঁও সমষ্টিত অনুষ্ঠিতব্য উপ-নিৰ্বাচনত বৃহস্পতিবাৰে মিত্ৰজোঁটৰ সমৰ্থিত ইউপিপিএলৰ প্ৰাৰ্থী তথা প্ৰাক্তন এমচিএলএ জিৰণ বসুমাতাৰীয়ে পোনতে শোভাযাত্ৰাৰে আহি নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে৷ প্ৰায় কেবা শতাধিক লোকৰ অংশগ্ৰহণ আদিৰে গোসাঁইগাঁও মহকুমাধিপতি কাৰ্যালয়ত উপস্থিত হোৱা প্ৰাৰ্থী জিৰণ বসুমাতাৰীৰ সৈতে বিজেপিৰ কোকৰাঝাৰ জিলাৰ অভিভাৱক মন্ত্ৰী তথা গুৱাহাটী উন্নয়ন বিভাগ, নগৰ উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিধায়ক লৰেঞ্চ ইছলাৰী সহ বহু ৰথী-মহাৰথীৰে শোভাযাত্ৰা কৰি আহি গোসাঁইগাঁওৰ মহকুমাধিপতি তথা ৰিটাৰ্ণিং বিষয়া ৰাহুল কুমাৰ গুপ্তাৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে৷ সমাগত উপ-নিৰ্বাচনত চৰকাৰমুখী ৰাইজে মিত্ৰজোঁটৰ প্ৰাৰ্থীক নিশ্চিত বিজয় কৰাব বুলি দাবী কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই৷ একেদৰে গোসাঁইগাঁও জয়নগৰস্থিত জিলা বিপিএফ কাৰ্যালয়ৰ পৰা উলিওৱা সমদল যোগে বিপিএফৰ প্ৰাৰ্থী ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰীয়ে গোসাঁইগাঁও মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। নাৰ্জাৰীয়ে মনোনয়ন দাখিলৰ সময়ত ২৯ নং কোকৰাঝাৰ পশ্চিম (জনজাতি) সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী উপস্থিত থাকে।মনোনয়ন পত্ৰ দাখিলৰ পিছতে ৰবিৰাম নাৰ্জাৰীয়ে কয়, ৰাইজ বিপিএফৰ লগতহে আছে৷ বিগত পোন্ধৰ বছৰে সমষ্টিবাসী ৰাইজে বিপিএফক আঁকোৱালি হৈছিল। সমাগত উপ নিৰ্বাচনতো সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদত জয়ী হ’ব বিপিএফ৷ একেদৰে বহু সংখ্যক নেতা, কৰ্মী, সমৰ্থকৰ হৰ্ষোল্লাসৰ মাজেৰে মহকুমাধিপতি কাৰ্যালয় চৌহদৰ বাহিৰত সমবেত হোৱা এআইইউডিএফৰ প্ৰাৰ্থী খাইৰুল আনাম খন্দকাৰে মনোনয়ন পত্ৰ দাখিল কৰে৷ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত দলৰ প্ৰশাসনিক সাধাৰণ সম্পাদক তথা বিধায়ক হাফিজ বছিৰ আহমেদ, ধুবুৰী সদৰ সমষ্টিৰ বিধায়ক নজৰুল হক উপস্থিত থাকে৷ আনহাতে বহু সংখ্যক সমৰ্থকৰে একালৰ কংগ্ৰেছৰ দুৰ্গ উদ্ধাৰৰ সংকল্পৰে প্ৰাৰ্থী জুয়েল টুডুই মহকুমা ৰিটাৰ্ণিং বিষয়াৰ হাতত মনোনয়ন পত্ৰ জমা দিয়ে৷ কংগ্ৰেছৰ জিলা সভাপতিৰ উপৰি দক্ষিন শালমাৰা, জলেশ্বৰ, গোৱালপাৰা পূৱ, দুধনৈ, গোলকগঞ্জ সমষ্টিৰ বিধায়ক সকলৰ উপৰি বিধান সভাৰ কংগ্ৰেছৰ বিৰোধী দলৰ উপ দলপতি তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ইউ পি পিএল-এআইইউডিএফ, বিপিএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি কটাক্ষ কৰি কয়, বিজেপিৰ ‘বি’ টিম হিচাপে কাম কৰা এআইইউডিএফ দলে বিজেপিৰ কথামতে কংগ্ৰেছৰ প্ৰাৰ্থীক হৰুৱাবলৈ গোসাঁইগাঁও আৰু ভৱানীপুৰ সমষ্টিত প্ৰাৰ্থী থিয় কৰাইছে৷ সিদিনালৈকে মিত্ৰতা থকা বিপিএফ আৰু এআইইউডিএফ দলে এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে ওলোটা খৰ মাৰিছে৷ কংগ্ৰেছক সমালোচনা কৰিছে৷ কিন্তু আমি ৰাইজক আহ্বান জনাওঁ, ৰাইজৰ ওপৰত অত্যাধিক কৰ-কাটলৰ বোজা জাপি দি পেট্ৰল, ডিজেল, ৰন্ধনগেছ আদি সহ অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মুল্যবৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে, পূজাৰ বতৰত কাৰো উছাহ নাই, ব্যৱসায়ী, গ্ৰাহক কাৰো হাতত টকা নাই, কোভিড পৰিস্থিতিয়ে মানুহক কৰ্মহীন কৰিছে যাৰ বাবে সকলোৰে মুখখন এন্ধাৰে আৱৰি ধৰিছে, ভুৱা এনকাউণ্টাৰৰ ভয়ত মানুহে মুখ বন্ধ ৰাখিছে, অত্যাচাৰ সীমা চেৰাই গৈছে আৰু বিজেপিয়ে ৰাইজৰ টকাৰে লাহবিলাহত হেলিকপ্টাৰ উৰুৱাইছে৷ এই বিস্ফোৰক কৰি বিধান সভাৰ বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে ৰাইজে কংগ্ৰেছ প্ৰাৰ্থীক জয়ী কৰাবলৈ আহ্বান জনায়৷ এনেকি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’লে ৰাজ্যত মুখ্যমন্ত্ৰীৰ আসনখন ট্ৰাইবেলৰ বাবে সংৰক্ষিত হলে সকলো সমস্যা সমাধান হ’ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ আনহাতে হাৰ্কিউলিছ বসুমাতাৰী নামৰ আন এগৰাকী ব্যক্তিয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে ৷