গোৱালপাৰাত বিজেপি অসম প্ৰদেশ সংখ্যলঘু মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক

81

গোৱালপাৰাত বিজেপি অসম প্ৰদেশ সংখ্যলঘু মৰ্চাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক

ষ্টাফ ৰিপ’ৰ্টাৰ , ২৬ নৱেম্বৰঃ শুকুৰবাৰে গোৱালপাৰা জিলাৰ অন্তৰ্গত নটসূৰ্য্য ফণী শৰ্মা প্ৰেক্ষাগৃহত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টি,অসম প্ৰদেশ সংখ্যালঘু মৰ্চাৰ প্ৰথম খন ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । উক্ত সভাত নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা,অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী , ভাৰতীয় জনতা পাৰ্টি , সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্রীয় সম্পাদক তথা অসম প্ৰদেশৰ প্ৰভাৰী ডেলচন নেটলীয়া , অসম প্ৰদেশৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াছ কুজুৰ , অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মুমিন , অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হবিব মহম্মদ চৌধুৰী , ভাৰতীয় জনতা পাৰ্টি , গোৱালপাৰা জিলাৰ সভাপতি হিমাদ্রি দাস , ৰাজ্যিক উপ সভানেত্ৰী তথা সংখ্যা লঘু মৰ্চা , অসম প্ৰদেশৰ প্ৰভাৰী বিজুলী কলিতা মেধি, সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া সকলৰ লগতে দলীয় কাৰ্যকর্তা সকল উপস্থিত থাকে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ খনে ইতিমধ্যে সংখ্যালঘু লোকৰ বাবে বিভিন্ন জনকল্যাণমূলক আঁচনি তথা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই । সংখ্যালঘু মৰ্চাৰ দলীয় কাৰ্যকর্তা সকলে সংখ্যালঘু জনসাধাৰণৰ বাবে লোৱা আঁচনি তথা জনহিতকৰ সিদ্ধান্ত সমূহ ৰাইজৰ ওচৰলৈ লৈ যাবলৈও আহ্বান জনাই সভাপতি গৰাকীয়ে । ইয়াৰোপৰি দলীয় কাৰ্যকর্তা সকলে জনসাধাৰণক সেৱা আৰু সমৰ্পনৰ মনোভাৱেৰে সেৱা কৰি যাবলৈ উক্ত সভাৰ জৰিয়তে আহ্বান জনায় ।