চৰকাৰী ঘৰৰ বাবে কোনোৱাই এক টকা ল’লেও মাটিৰ দালালৰ দৰে জে’লত ভৰোৱা হ’বঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

106

চৰকাৰী ঘৰৰ বাবে কোনোৱাই এক টকা ল’লেও মাটিৰ দালালৰ দৰে জে’লত ভৰোৱা হ’বঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ, ১৯ অক্টোবৰঃ ক্ৰমাৎ বিটিচিত বলিছে নিৰ্বাচনৰ বলিয়া বতাহ ৷ বিটিচিত নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে , সিমানেই বৃদ্ধি পাইছে ব্যাপক নিৰ্বাচনী তৎপৰতা ৷ ইয়াৰ সমান্তৰালকৈ গোসাঁইগাঁৱত আজি অনুষ্ঠিত হয় বিজেপিৰ এখন বিশাল নিৰ্বাচনী জনসভা ৷ গোসাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত বিজেপিৰ আজিৰ এই নিৰ্বাচনী সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । নিৰ্বাচনী সভাত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় , পূৰ্বতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ৰাইজে টকা দি ল’ব লাগিছিল । এতিয়া আৰু সেইবোৰ নহ’ব । কোনোবাই এক টকা ল’লেও মাটিৰ দালালক যেনেদৰে জে’লত ভৰাইছোঁ , সেইদৰে এইবোৰকো জে’লত ভৰোৱা হ’ব । লগতে মুখ্যমন্ত্ৰীয়ে কয় যে , নৱেম্বৰ মাহৰ পৰা তিনিটা কিস্তিত মাইক্ৰ’ফাইনেঞ্চ লোৱা এঘাৰ লাখ মহিলাৰ ঋণ চৰকাৰে ঘূৰাই দিব । এই সিদ্ধান্ত বিজেপি চৰকাৰে লৈছে । কংগ্ৰেছ , বিপিএফ আৰু এআইইউডিএফৰ দিছপুৰতো চৰকাৰ নাই , বিটিআৰতো চৰকাৰ নাই , দিল্লীতো চৰকাৰ নাই । তেওঁলোকক ভোট দিয়া নিদিয়া একে কথা । তেওঁলোকক ভোট দিয়াতকৈ ঘৰত পইতা ভাত খাই শুই থকাই ভাল । আপোনালোকে উপ–নিৰ্বাচত গোসাঁইগাওঁ বিধানসভা সমষ্টিৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰন বসুমতাৰীক জিকাই দিয়ক , গোসাঁইগাঁৱত উন্নয়নৰ গংগা নামিব বুলি সভাত মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে । লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে , অতি সোনকালে গোষ্ঠী সংঘৰ্ষত মৃত্যু হোৱা লোকৰ পৰিয়ালক পাঁচ লাখকৈ দিয়া হ’ব আৰু প্ৰতিটো পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । গোসাইগাঁৱত বিজেপিৰ বিশাল নিৰ্বাচনী জনসভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কোকৰাঝাৰ অভিভাৱক মন্ত্ৰী অংশোক সিংঘাল , বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো , কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে , শ্ৰীৰামপুৰৰ পাৰিষদ সজল কুমাৰ সিংহ আৰু লগতে ভালেমান নেতা-কৰ্মী উপস্থিত থাকে ৷ ২৮ নং গোসাঁইগাঁও বিধানসভা সমষ্টিৰ ইউপিপিএলৰ তথা মিত্ৰজোঁটৰ প্ৰাথী জিৰণ বসুমতাৰীৰ হৈ এই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে সকলোৱে ৷