তামুলপুৰৰ মটঙাচকত মিত্ৰজোট দলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয় শুভাৰম্ভণী

142

তামুলপুৰৰ মটঙাচকত মিত্ৰজোট দলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয় শুভাৰম্ভণী

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ১২ অক্টোবৰঃ মঙলবাৰে ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ মটঙাচকত ইউপিপিএল , বিজেপি , অগপ মিত্ৰজোটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয়ৰ শুভাৰম্ভণী কৰে বিটিআৰৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে আৰু প্ৰাৰ্থী জলেন দৈমাৰী । আজিৰ নিৰ্বাচনী প্ৰচাৰ সমিতিৰ কাৰ্য্যালয় শুভাৰম্ভণী অনুষ্ঠানত অংশগ্ৰহণ কৰি উপ মুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় । লগতে আজিৰ কাৰ্য্যসূচী অংশগ্ৰহণ কৰে কাৰ্য্যবাহী সদস্য ক্ৰমে ধৰ্মনাৰায়ণ দাস , দাওবৈছা বড়ো , ডঃ নীলুৎ স্বৰ্গীয়াৰী , এমচিএল এ বিজিৎ গৌৰা নাৰ্জাৰী , এমচিএল এ হেমন্ত কুমাৰ ৰাভাৰ উপৰিও ইউপিপিএল আৰু বিজেপিৰ নেতা কৰ্মীসকলে উপস্থিত থাকে ।