দক্ষিণ শালমাৰাত অসম জাতীয় পৰিষদৰ নিৰ্বাচনী কুচকাৱাজ

121

দক্ষিণ শালমাৰাত অসম জাতীয় পৰিষদৰ নিৰ্বাচনী কুচকাৱাজ
দুৰ্নীতিৰ দৰ্পণ সেৱা,মানকাচৰ,১ ফেব্ৰুৱাৰী : সমাগত ৰাজ্যত ২১ বিধানসভা নিৰ্বাচন ৷ সকলো ৰাজনৈতিক দলেই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হোৱাৰ সমান্তৰালভাৱে নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদৰ দলৰ মাজতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷ দক্ষিণ শালমাৰা সমষ্টিৰ উজান বজৰা এম ই মাদ্ৰাছা বিদ্যালয় খেল পথাৰত অসম জাতীয় পৰিষদ দলৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয় ৷ হাজিৰহাট আঞ্চলিকৰ সভাপতি চফিকুল ইছলামৰ সহযোগিতাত হোৱা সভাখনত মুখ্য অতিথি উপস্থিত থাকে অসম জাতীয় পৰিষদ দলৰ কেন্দ্ৰীয় আহব্বায়ক আবেদুৰ ৰহমান আৰু অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সদস্য মমিনুৰ ৰহমান প্ৰধানী , ছাজিদুৰ ৰহমানকে ধৰি অসম জাতীয় পৰিষদ দলৰ বিভিন্ন পৰ্যায়ৰ কৰ্মী সকল ৷ উল্লেখনীয় যে , অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সদস্য মমিনুৰ ৰহমান প্ৰধানী দক্ষিণ শালমাৰা ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে দীৰ্ঘ দিনৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰি আছিল ৷ কিন্ত কংগ্ৰেছ দলৰ বিধায়ক ওৱাজেদ আলী চৌধুৰীয়ে সমষ্টিখনৰ উন্নয়নৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে অসম জাতীয় পৰিষদ দলত যোগদান কৰে বুলি তেখেতে সাংবাদিকক জানিবলৈ দিয়ে ৷ দক্ষিণ শালমাৰা আৰু মানকাচৰত সমষ্টিত প্ৰাৰ্থী দিয়া নিশ্চিত আৰু কংগ্ৰেছ – এ আই ইউ ডি এফৰ লগত মিত্ৰতা নহয় বুলিও মন্তব্য কৰে জাতীয় পৰিষদ দলৰ কেন্দ্ৰীয় আহব্বায়ক আবেদুৰ ৰহমানে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here