নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপত ল’লে জগদীশ মুখীয়ে

91

নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপত ল’লে জগদীশ মুখীয়ে

ষ্টাফ ৰিপৰ্টাৰ,দুৰ্নীতিৰ দৰ্পণ,১৭চেপ্তেম্বৰঃ অধ্যাপক জগদীশ মুখীয়ে শুক্ৰবাৰে নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। নাগালেণ্ড ৰাজ ভৱনৰ ড০ ইমকংলিবা আও হলত শপত লয় মুখীয়ে।শপত গ্ৰহণ অনুষ্ঠানত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ৰ লগতে উপ-মুখ্যমন্ত্ৰী ৱাই পেটন, বিধায়ক আৰু ৰাজ্যখনৰ অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।আৰ এন ৰবিক বদলি কৰাৰ পিছত জগদীশ মুখীয়ে নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপত লয়।“নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপত লোৱাৰ বাবে অধ্যাপক জগদীশ মুখীক অভিনন্দন জনাইছো। ৰাজ্যখনৰ জনসাধাৰণৰ হৈ মই আপোনাক উষ্ম আদৰণি জনাইছো। মই আপোনাক আপোনাৰ নতুন দায়িত্বৰ বাবে আৰু আগন্তুক বছৰবোৰৰ বাবে শুভকামনা জনাইছো” এনেদৰে মন্তব্য কৰে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই ।উল্লেখ্য যে জগদীশ মুখীয়ে অসমৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।ইয়াৰ পূৰ্বে, আৰ এন ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে অপসাৰণ কৰা হৈছিল আৰু তামিলনাডুলৈ বদলি কৰা হৈছিল।চলিত নাগা শান্তি আলোচনাত এন এছ চি এন-আই এমৰ সৈতে হোৱা মতভেদৰ বাবেই ৰবিক অপসাৰণ কৰা হৈছে বুলি ধাৰণা কৰা হৈছে।