নাজিৰাত এন এছ ইউ আইৰ উদ্যোগত লাইলাপুৰত মিজো আৰক্ষীৰ গুলীত নিহত অসম আৰক্ষীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

328

দুৰ্নীতিৰ দৰ্পণ সেৱা , নাজিৰা সেৱা , নয়নমণি ফুকন : অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো আৰক্ষীৰ নৃশংস আক্ৰমণত নিহত হোৱা অসমৰ শ্বহীদ আৰক্ষী জোৱান ছজনৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি কালি বিয়লি নাজিৰা নাট্য মন্দিৰ সমীপৰ ধোদৰ আলিৰ কাষত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় । নাজিৰা সমষ্টি এন এছ ইউ আইৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে এন এছ ইউ আইৰ তত্বাৱধায়ক তথা পৌৰ ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক পৰশমণি কলিতাই । পৌৰ ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি আব্দুৰ ৰহমান , সমষ্টি এন এছ ইউ আইৰ দ্বীপজ্যোতি বৰুৱা , সুকল্যাণ ৰাজখোৱা , অনামিকা তাতী , মনিষা বৰগোঁহাই আদিকে ধৰি ভালেকেইজন বিষয়-ববীয়াই অংশগ্ৰহণ কৰা কাৰ্যসূচীত বন্তি প্ৰজ্বলনৰ লগতে একক মিনিট মৌন প্ৰাৰ্থনা কৰি নিহত আৰক্ষী জোৱানৰ আত্মাৰ সদগতি কামনা আৰু আহত সকলৰ আশুআৰোগ্যৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায় ।