বটদ্ৰবাত নাচি-ভাগি নিৰ্বাচনী প্ৰচাৰ আঙুৰলতা ডেকা

58

বটদ্ৰবাত নাচি-ভাগি নিৰ্বাচনী প্ৰচাৰ আঙুৰলতা ডেকা
দুৰ্নীতিৰ দৰ্পণ সেৱা , নজৰুল ইছলাম , বটদ্ৰৱা , ১৯ মাৰ্চ : একেৰাহে প্ৰত্যেক দিনাই সংখ্যালঘূ অধ্যুষিত অঞ্চলত প্ৰচাৰ কাৰ্য্য চলাইছে আঙুৰলতা ডেকায় ।আজি বটদ্ৰৱা সমষ্টিৰ ধূপগুৰি,হাইডুবি,গলাকাটা আদি অঞ্চলত নাচি-ভাগি চলালে নিৰ্বাচনী প্ৰচাৰ আৰু আজিৰ কার্যসূচীত সংখ্যালঘু বহু কেইজন নেতা-কৰ্মীয়ে যোগদান কৰিছে বিজেপিত।আজিৰ এই প্ৰচাৰ কাৰ্য্যত আঙুৰলতা ডেকাই কয় যে,সংখ্যালঘু ৰাইজে এতিয়া বুজি পাইছে বিজেপি আচলতে সম্পদায়িক নকৰে বিজেপিয়ে উন্নয়নৰ হে ৰাজনীতি কৰে সেয়ে বিগত নিৰ্বাচন সমূহত সংখ্যালঘু অঞ্চল সমূহত বিজেপিৰ বেনাৰ পোষ্টাৰ খুব কম দেখা গৈছিল এইবাৰ বিজেপি চৰকাৰৰ উন্নয়নৰ প্ৰতি আকৰ্ষিত হৈ সংখ্যালঘু ৰাইজ যটেষ্ট আগবাঢ়ি আহিছে।আৰু এইবাৰ সংখ্যালঘু ৰাইছে আঙুৰলতা ডেকাক বিপুল সংখ্যক ভোট দিব।লগতে আৰু কয় যে,কংগ্ৰেছী সকলে ভাল পাৱাৰ থকা চছমা লগালেহে প্ৰকৃত উন্নয়ন দেখিব বিজেপিয়ে কিমান উন্নয়ন কৰিছে। সমষ্টিবাসীয়ে প্ৰকৃত উন্নয়ন দেখিছে গতিকে সমষ্টিবাসীয়ে পুনৰ ভোট দিব আঙুৰলতা ডেকাক বটদ্ৰৱা সমষ্টি পুনৰ বিজেপিৰ দখলত আহিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here