বটদ্ৰবাত নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয় মুকলি আঙুৰলতা ডেকাই

70

বটদ্ৰবাত নিৰ্বাচনী প্ৰচাৰ কাৰ্য্যালয় মুকলি আঙুৰলতা ডেকাই
দুৰ্নীতিৰ দৰ্পণ সেৱা , নজৰুল ইছলাম , বটদ্ৰৱা , ১৮ মাৰ্চ : সংখ্যালঘূ অধ্যুষিত অঞ্চল আমলখি , ভেটিবাড়ি , ছালনাবড়িত নিৰ্বাচনী কাৰ্য্যালয় মুকলি কৰি প্ৰচাৰ কাৰ্য্য চলাইছে আঙুৰলতা ডেকাই । আজিৰ এই প্ৰচাৰ কাৰ্য্যত আঙুৰলতা ডেকাই কয় যে , সংখ্যালঘু ৰাইজে এতিয়া বুজি পাইছে বিজেপি আচলতে সম্পদায়িক ৰাজনীতি নকৰে , বিজেপিয়ে উন্নয়নৰ হে ৰাজনীতি কৰে । সেয়ে বিগত নিৰ্বাচন সমূহত সংখ্যালঘু অঞ্চল সমূহত বিজেপিৰ বেনাৰ পোষ্টাৰ খুব কম দেখা গৈছিল । এইবাৰ বিজেপি চৰকাৰৰ উন্নয়নৰ প্ৰতি আকৰ্ষিত হৈ সংখ্যালঘু ৰাইজ যটেষ্ট আগবাঢ়ি আহিছে আৰু এইবাৰ সংখ্যালঘু ৰাইছে আঙুৰলতা ডেকাক বিপুল সংখ্যক ভোট দিব । লগতে আৰু কয় যে , কংগ্ৰেছী সকল আৰু দহ বছৰ ঘৰতে বহিব লাগিব , কাৰণ এইবাৰ কাম কৰাৰ বিনিময়ত সমষ্টিবাসীয়ে ভোট দিব । গতিকে , বটদ্ৰৱা সমষ্টি পুনৰ আঙুৰলতাৰ দখলত আহিব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here