বটদ্ৰৱাত তুংগত উঠিছে বিধায়িকা আঙুৰলতা ডেকাৰ নিৰ্বাচনী প্ৰচাৰ

38

বটদ্ৰৱাত তুংগত উঠিছে বিধায়িকা আঙুৰলতা ডেকাৰ নিৰ্বাচনী প্ৰচাৰ
দুৰ্নীতিৰ দৰ্পণ সেৱা , নজৰুল ইছলাম ,বটদ্ৰৱা , ১৭ মাৰ্চ : বটদ্ৰৱাত তুংগত উঠিছে বিজেপি প্ৰাৰ্থী আঙুৰলতাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান।নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজনৈতিক দল সমূহৰ প্ৰাৰ্থী সকলে ভোটাৰৰ মন জয় কৰিবলৈ অৱলম্বন কৰিছে বিভিন্ন কৌশল। বাদ পৰি থকা নাই বিজেপি অগপ মিত্ৰজোটৰ প্ৰাৰ্থী আঙুৰলতা ডেকাও । সমষ্টিটোত ডাঙৰ ডাঙৰ সভা সমিতিৰ পৰিবৰ্তে আঙুৰলতা ডেকাই ভোটাৰৰ ঘৰে ঘৰে চুকে কোণে গৈ চলাইছে নিৰ্বাচনী প্ৰচাৰ । কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে বটদ্ৰৱাৰ উন্নয়ণ নোহোৱা বুলি নিৰ্বাচনী সভাত আঙুৰলতাক কটাক্ষ কৰা কথাৰ প্ৰত্যুত্তৰ দি আঙুৰলতাই কংগ্ৰেছক কলি যুগৰ অন্ধমুনি আখ্যা দিলে। আজি সমষ্টিত প্ৰাৰ্থী আঙুৰলতা ডেকাই বিজেপি দলৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাত হুছেইন খান আৰু সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সম্পাদল গোলজাৰ হুছেইনক লগত লৈ বাটমাৰী , ৰামপুৰ সত্ৰ , কদমনি,ৰামপুৰ পামকে ধৰি সমষ্টিটোৰ বহু কেইটা অঞ্চলত চলালে নিৰ্বাচনী প্ৰচাৰ । সমষ্টিটোত কেইবাটাও কাৰ্য্যালয় মুকলি কৰি ভোটাৰৰ ঘৰত প্ৰৱেশ কৰাত মহিলা সকলে আঙুৰলতাক কাষত পাই যটেষ্ট আনন্দিত হোৱাও পৰিলক্ষিত হয় । আঙুৰলতা ডেকাই কয় যে , এইবাৰ বটদ্ৰৱা সমষ্টিত তেনে কোনো পতিদ্বন্দিতাই নহয় সমষ্টিৰ ৰাইজে পুনৰ নিৰ্বাচিত কৰিব আৰু বিগত সময়তকৈ আৰু বেছি ভোটত বিজয়ী কৰাব বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাক । লগতে আৰু কয় যে , কেন্দ্ৰতো বিজেপি চৰকাৰ অসমতো হব বিজেপি চৰকাৰ আৰু বটদ্ৰৱা সমষ্টিও পুনৰ আহিব বিজেপিৰ দখলত। সঁচাকৈ দিনে দিনে যেন আঙুৰলতা ডেকাৰ সমৰ্থকৰ সংখ্যা বাঢ়ি আছে আঙুৰলতা ডেকাৰ সভা সমূহত বিজেপিত যোগদান কার্যসূচীতেই অনুমান কৰিব পাৰি । মুঠৰ ওপৰত কি সংখ্যালঘু কি সংখ্যাগুৰু সকলোৱে জে পুনৰ বাৰ বিজেপি প্ৰাৰ্থী আঙুৰলতা ডেকাক বিধায়ক বনাব সেয়া সমষ্টি বাসীয়ে এক প্ৰকাৰ নিশ্চিত কৰা যেনেই অনুমান কৰিব পাৰি ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here