বিজেপিৰ প্ৰাৰ্থী গনেশ লিম্বুৰ হৈ প্ৰচাৰ চলাবলৈ বৰছলাত উপস্থিত ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

58

বিজেপিৰ প্ৰাৰ্থী গনেশ লিম্বুৰ হৈ প্ৰচাৰ চলাবলৈ বৰছলাত উপস্থিত ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

দুৰ্নীতিৰ দৰ্পণ সেৱা , মিছামাৰীৰ পৰা আজিজুৰ ৰহমান , ১৫ মাৰ্চঃ ৭২ নং বৰছলা বিধান সভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী গনেশ লিম্বুৰ হৈ প্ৰচাৰ চলাবলৈ আজি বৰছলাত বিজেপিৰ এখন বিশাল ৰাজহুৱা নিৰ্বাচনী সভাত আাহি উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ৷ এই বিশাল জনসভাত উপস্থিত থাকি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শংকৰদেৱ,কমলাকান্ত ভট্টাচাৰ্য আৰু কণকলতাৰ নাম লৈ প্ৰথমে তেওঁলোকক সেৱা জনায় ৷ বিগত সাত বছৰত ১৫ টা ৰাষ্ট্ৰীয় ঘাইপথ ৰাইজে লাভ কৰিছে ৷ আগতে যি চিকিৎসা গুৱাহাটী বা অসমৰ বাহিৰত হৈছিল , এতিয়া সেইবোৰ তেজপুৰত সম্ভৱ হৈছি ৷ যি বড়ো লেণ্ড সমস্যাত ৰাইজে বহু বছৰ সংঘৰ্ষ কৰিব লগা হৈছে , সেই বড়োলেণ্ড সমস্যা বিজেপি চৰকাৰৰ দিনত সমাধান হৈছে ৷ বগীবিল দলং বিজেপি চৰকাৰৰ দিনত নিৰ্মাণ কৰা হৈছে ৷ তিন তালাক একমাত্ৰ ভাৰত বৰ্ষত সমাপ্ত কৰা হৈছে ৷ কিন্ত বিশ্বৰ অন্যান্য মুছলিম ৰাষ্ট্ৰত এই সমস্যা সমাধান হোৱা নাই ৷ স্বচ্ছ ভাৰত অভিযানে দেশত এটা পৰিৰ্ৱতন আনিছে ৷ অসমত ৭০ লাখ শৌচালয় নিৰ্মাণ কৰাৰ লগতে দেশত ১১ কোটি স্বচ্ছ ভাৰত অভিযানৰ অধীনত নিৰ্মাণ কৰা হৈছে ৷ ১৮ হাজাৰ গাৱঁত বিজুলি লাভ কৰিছে ৷ ডাঙৰ ডাঙৰ দেশ কভিড লগত সংঘৰ্ষ কৰি থকাৰ সময়ত প্ৰধান মোডীয়ে দেশবাসীক কভিডৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে ৷ চাহ বাগিছাৰ লোক সকলৰ চিকিৎসাৰ বাবে মবাইল এম্বুলেন্সৰ ব্যৱস্থা কৰিছে এইখন চৰকাৰে ৷ কংগ্ৰেছে এটাই কাম কৰিব মাত্ৰ দুৰ্ণীতি ৷ যি তৰুন গগৈয়ে who is Badoruddin বুলি কৈছিলে ২০০৬ চনত , সেই কংগ্ৰেছে এতিয়া বদৰউদ্দিনৰ লগত মিতিৰালি কৰিছে ৷ ৭০ বছৰৰ পিছত বৰছলাত ডিগ্ৰী কলেজ স্হাপন কৰা হৈছে আৰু ৭০ বছৰৰ পিছত তেজপুৰত কেঞ্চাৰ হস্পিতাল স্হাপন কৰা হৈছে ৷ যি সময়ত চাহ বাগিচাত পাত তোলা (Plaking) নহয় , সেই সময়ত কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী আহি বাগিচাত চাহ মজদুৰ ভাই সকলৰ লগত পাত তুলি নিৰ্বাচনী চমক দিবলৈ আহিছে ৷ কংগ্ৰেছ দলে এটাই মাত্ৰ কাম কৰিব পাৰে সেইটো হল দুৰ্নীতি বুলি কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰাৰ লগতে যোৱা পাচঁটা বছৰত বিজেপি দলৰ উন্নয়নৰ খতিয়ান ৰাইজৰ ওচৰত ওপৰত উল্লেখিত দৰে ডাঙি ধৰে ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ৷ আজিৰ নিৰ্বাচনী সভাত বৰছলাৰ প্ৰভাৰী তথা প্ৰাক্তন মন্ত্ৰী নিলু শৰ্মা,বৰছলাৰ বিজেপি প্ৰাৰ্থী গনেশ লিম্বু আৰু ঢেকীয়াজুলি বিজেপি প্ৰাৰ্থী অশোক সিংঘাল উপস্থিত থকাৰ লগতে প্ৰায় পাচঁ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷