বৰপেটা জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক গঠনঃ হেমন্ত কুমাৰ দেউৰী, নিপামনি কলিতাক সাধাৰণ সম্পাদকৰ দায়িত্ব

119

বৰপেটা জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক গঠনঃ হেমন্ত কুমাৰ দেউৰী, নিপামনি কলিতাক সাধাৰণ সম্পাদকৰ দায়িত্ব

দুৰ্নীতিৰ দৰ্পণ সেৱা , আব্দুল জলিল , বৰপেটা, ৭ অক্টোবৰঃ সম্প্ৰতি অনিল কুমাৰ দাসক বৰপেটা জিলা বিজেপিৰ সভাপতিৰ দায়িত্ব অৰ্পনৰ কৰাৰ পিচতেই আজি পূৰ্ণাংগৰূপত জিলা সমিতিখন গঠন কৰা হয় ৷ নৱ নিৰ্বাচিত সভাপতি অনিল কুমাৰ দাসে আজি জিলা কাৰ্যনিৰ্বাহক সমিতিখন গঠন সম্পৰ্কে জিলা বিজেপিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই বিষয়ে সবিশেষ সদৰি কৰে ৷ সংবাদ মেলত সভাপতি গৰাকীয়ে জানিবলৈ দিয়া মতে , হেমন্ত কুমাৰ দেউৰী আৰু নিপামনি কলিতাক জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হৈছে ৷ লগতে গৌতম পাঠক , বুবুল দেউৰী , বসন্ত ঠাকুৰীয়া , বিশ্বজিৎ দাস , কল্যানী দাস আৰু দীপক দাসক উপ-সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছে অনিল কুমাৰ দাসে ৷ আনহাতে , নতুন সমিতিখনত নৱজিৎ বায়নক কোষাধ্যক্ষ আৰু মৃদুল অধিকাৰীক কাৰ্যালয় সম্পাদকৰ দায়িত্ব প্ৰদান কৰা বুলি সংবাদমেলখনত জানিবলৈ দিয়ে ৷ আগন্তুক দিনত বৰপেটা জিলাত বিজেপিৰ সাংগঠনিক ভেঁটি অধিক শক্তিশালী ৰূপত গঢ়ি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হব বুলি প্ৰকাশ কৰে ৷