মাণিকপুৰত অসম জাতীয় পৰিষদৰ সভাত অথন্তৰ , প্ৰাৰ্থী অজন্তা বৰুৱাক আবদ্ধ কৰি ৰাখিলে একাংশ ব্যৱসায়ী আৰু গাড়ী চালকে

11

মাণিকপুৰত অসম জাতীয় পৰিষদৰ সভাত অথন্তৰ , প্ৰাৰ্থী অজন্তা বৰুৱাক আবদ্ধ কৰি ৰাখিলে একাংশ ব্যৱসায়ী আৰু গাড়ী চালকে

দুৰ্নীতিৰ দৰ্পণ , মাণিকপুৰ, ৪ এপ্ৰিলঃ আজি ৩৪ নং অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত মাণিকপুৰত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অজন্তা বৰুৱাৰ নিৰ্বাচনী সভাত লাগে অথন্তৰ । নিৰ্বাচনী প্ৰচাৰ সভাত মূখ্য বক্তা হিচাপে দলটোৰ সভাপতি লুৰিনজ্যোতি গগৈ উপস্থিত হোৱাৰ কথা আছিল যদিওঁ সভাত উপস্থিত নহল দলটোৰ সভাপতি গৰাকী । একেবাৰে সেৰেঙা ৰাইজৰ উপস্থিতিত প্ৰাৰ্থী অজন্তা বৰুৱাই ভাষণ প্ৰদান কৰে । নিৰ্বাচনী সভা সমাপ্ত নহওতেই প্ৰাৰ্থীৰ স্বামী তাৰ পৰা আঁতৰি যোৱাত একাংশ কৰ্মী,ব্যৱসায়ী আৰু গাড়ী চালকে উত্তেজনাৰ সৃষ্টি কৰে । প্ৰাৰ্থী অজন্তা বৰুৱাই নিৰ্বাচনী প্ৰচাৰৰ বাবে ছপোৱা বেনাৰ-পোষ্টাৰৰ ধন নিদিয়াৰ লগতে নিৰ্বাচনী সভাত ভাড়া কৰি লৈ অহা গাড়ীৰ ভাড়া আদায় নিদিয়াকৈ প্ৰাৰ্থী গৰাকীৰ স্বামী তাৰ পৰা পলায়ন কৰাত উত্তেজনাৰ সৃষ্টি কৰে গাড়ী চালক আৰু ব্যৱসায়ী সকলে । উত্তেজিত চালকসকলে প্ৰাৰ্থীৰ স্বামীক নাপাই প্ৰাৰ্থী গৰাকীক গাড়ীসহ আবদ্ধ কৰি ৰাখে । পিছত মাণিকপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ধনঞ্জয় দাস উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি প্ৰাৰ্থী গৰাকীক সভাস্থলীৰ পৰা উদ্ধাৰ কৰে ।