মুখ্যমন্ত্ৰীৰ সমষ্টিৰ চাংসাৰিত অসম জাতীয় পৰিষদৰ বিশাল যোগদান সমাৰোহ

68

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ চাংসাৰিত অসম জাতীয় পৰিষদৰ বিশাল যোগদান সমাৰোহ

দুৰ্নীতিৰ দৰ্পণ সেৱা , পঙ্কজ নাথ , চাংসাৰি , ৪ অক্টোবৰ : সমগ্ৰ ৰাজ্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাময় হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী শৰ্মাৰ নিজ সমষ্টি চাংসাৰিত কালি অসম জাতীয় পৰিষদৰ বিশাল যোগদান সমাৰোহ অনুষ্ঠিত হৈ যায় । দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত চাংসাৰি নিবাসী যুৱক কংকণ নাথৰ নেতৃত্বত ৫০ জনীয়া এটি যুৱকৰ দলে আনুষ্ঠানিকভাবে যোগদান কৰে । উল্লেখ্য যে , লুৰিণজ্যোতি গগৈয়ে ভাষণ প্ৰসংগত তুলাধুনা দিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক । আওঁ‌পকীয়াকৈ মুখ্যমন্ত্ৰী গৰাকীক আক্ৰমণ কৰি লুৰিণজ্যোতিয়ে কয় যে , যিটো সময়ত ভয় দেখুৱাই সকলোকে আতংকিত কৰি ৰাখিছে , সেই সময়ত এইদৰে মুখ্যমন্ত্ৰীৰ নিজ সমষ্টিত ওলাই অহা প্ৰতিগৰাকী যুৱকৰ সাহসক চেল্যুট । উন্নয়নৰ ঢাক-ঢোল বজোৱা মুখ্যমন্ত্ৰীয়ে নিজ সমষ্টিকে উন্নয়নযুক্ত কৰিব পৰা নাই বুলি লুৰিণজ্যোতি গগৈয়ে উল্লেখ কৰে । কালি বহুতো যুৱক জাতীয় পৰিষদত যোগ দিয়াত হিমন্তৰ প্ৰতি সমষ্টিৰ যুবকৰ আসক্তি যে কমিছে , সেয়া কালিৰ যোগদানৰ পিছত এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে বুলি একাংশ সচেতন লোকে উল্লেখ কৰিছে ।