মুছলিম পাৰ্ছনেল ল’ বৰ্ডৰ বি পি এফ তথা মহাজোঁটৰ প্ৰাৰ্থীলৈ মুকলি সমৰ্থন

13

মুছলিম পাৰ্ছনেল ল’ বৰ্ডৰ বি পি এফ তথা মহাজোঁটৰ প্ৰাৰ্থীলৈ মুকলি সমৰ্থন

দুৰ্নীতিৰ দৰ্পণ সেৱা,মিজানুৰ ৰহমান ,গোসাইগাঁও,৪ এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি অন্তিম দিনটোত বিপিএফলৈ সমৰ্থন আগবঢ়াইছে মুছলিম পাৰ্ছনেল ল’ বৰ্ডৰ ৰাজ্যিক সভাপতিয়ে ৷ অসম মুছলিম পাৰ্ছনেল ল’ বৰ্ডৰ ৰাজ্যিক সভাপতি মুফতি মাকিবুৰ ৰহমান আছহাৰীয়ে ৷ আজি গোসাঁইগাঁও মহকুমাৰ ভাওৰাগুৰীস্থিত বিপিএফৰ প্ৰচাৰ কাৰ্যালয়ত আয়োজন কৰা এক সংবাদ মেলত সভাপতি গৰাকীয়ে কয় , ভাৰত ৰাষ্ট্ৰ আৰু ভাৰতীয় সংবিধানতকৈ আন একো ডাঙৰ বস্তু একো নাই ৷ অসম বিধান সভাৰ ২৯ নং কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ ভাওৰাগুৰীত দিয়া সংবাদ মেলত তেখেতে ভাৰতৰ লগতে অসমত বিজেপি আৰু আৰ এছ এছয়ে সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰিছে ৷ ভাজপা আৰু আৰ এছ এছ য়ে মিলি ধৰ্মীয় বিভেদ সৃষ্টি কৰি হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধ বিনষ্ট কৰিবলৈ চেষ্টা কৰি আছে ৷ এনেকি এই সাম্প্ৰদায়িক বিষবাষ্প ইউপিপিএলৰ সহায়ত ছটিয়াই বিটিচি অঞ্চলক অশান্ত কৰিব বিচাৰিছে ৷ যি বিজেপিয়ে মুছলমানক সদায় তিৰস্কাৰ কৰে , কোৰাণ আৰু ইছলাম ধৰ্মক অপমান কৰে , হাদিছক অপমান কৰে , তেনে সাম্প্ৰদায়িক দলক ইয়াৰ পৰা বিদায় দিব লাগিব ৷ অসমৰ ৰাইজে সাম্প্ৰদায়িক শক্তি,ধৰ্মীয় বিভাজন আৰু অপমান সহ্য নকৰে বুলি অভিহিত কৰি সভাপতি গৰাকীয়ে কয় যে , বিজেপি দলে সাম্প্ৰদায়িক ৰাজনীতি কৰি দেশত যি পৰিবেশ পৰিস্থিতিৰ সৃষ্টি কৰিছে , সেয়া শুভ লক্ষণ নহয় । বিজেপি দলে নিজৰ ক্ষমতা লাভৰ বাবে হিন্দু মুছলমান ৰাজনীতি কৰি সমাজত সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাইছে । গতিকে , উগ্ৰ জাতীয়তাবাদী শক্তিক উৎখাত কৰিবলৈ অসমত এই বাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো একান্ত প্ৰয়োজন । নেতা গৰাকীয়ে সকলো সংখ্যালঘু ৰাইজক মহাজোঁটৰ প্ৰাৰ্থী সকলক ভোট দি বিপুল ভোটত জয়যুক্ত কৰিবলৈ ৰাইজক আহ্বান জনায় ৷ সংবাদ মেলত বিটিচি সংযুক্ত ছুফি পৰিষদৰ সভাপতি,সম্পাদক সকলেও উপস্থিত থাকে ৷