মৰিগাঁৱত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তিৱা স্বায়ত্ব পৰিষদ এলেকা সমন্বয়ৰক্ষী সমিতিৰ নৱনিৰ্বাচিত সমন্বয়ক ৰমেশ বৰদলৈৰ সংবাদ মেল

63

মৰিগাঁৱত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তিৱা স্বায়ত্ব পৰিষদ এলেকা সমন্বয়ৰক্ষী সমিতিৰ নৱনিৰ্বাচিত সমন্বয়ক ৰমেশ বৰদলৈৰ সংবাদ মেল

কংগ্ৰেছৰ শাসনত দিনত তিৱা স্বায়ত্ব পৰিষদৰ এলেকাত উন্নয়ন আৰু বিকাশ জনজাতি লোকসকলে দেখিবলৈ সক্ষম হৈছিলঃ ৰমেশ বৰদলৈ

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও ,৩ ডিচেম্বৰ : কংগ্ৰেছ চৰকাৰে জনজাতি লোকসকলৰ বাবে কাম কৰি আহিছে , জনজাতিৰ উন্নয়ন কেৱল কংগ্ৰেছ চৰকাৰে হে ভাবিব পাৰে । বিজেপি চৰকাৰৰ দিনত ট্ৰাইবেলৰ বাবে একো কামেই নকৰিলে । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি কেৱল প্ৰতিশ্ৰুতি হৈ আছে । আজি মৰিগাঁৱত এই মন্তব্য আগবঢ়ায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তিৱা স্বায়ত্ব পৰিষদ এলেকা সমন্বয়ৰক্ষী সমিতিৰ নৱনিৰ্বাচিত সমন্বয়ক ৰমেশ বৰদলৈয়ে । আজি প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন দ্বায়িত্ব গ্ৰহণ কৰি বৰদলৈয়ে আজি জিলা কংগ্ৰেছ ভৱনত সংবাদ মেল সম্বোধন কৰি তেওঁ বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে-কংগ্ৰেছ চৰকাৰৰ দিনত তিৱা স্বায়ত্ব পৰিষদৰ সকলোবোৰ এলেকাত উন্নয়ন হোৱাৰ লগতে জনজাতি লোকসকলে উন্নয়নৰ মূখ দেখিবলৈ সক্ষম হৈছিল । কিন্তু কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ অহাৰ লগতে তিৱা স্বায়ত্ব পৰিষদৰ এলেকাত উন্নয়ন স্থবিৰ হৈ পৰিছে । লগতে বৰদলৈয়ে কয় যে-তিৱা জনজাতি লোকৰ উন্নয়নৰ বাবে কংগ্ৰেছে ২০২৫ ত তিৱা স্বায়ত্ব পৰিষদ দখল কৰি উন্নয়ন আগুৱাই নিবলৈ চেষ্টা কৰিব । তিৱা স্বায়ত্ব পৰিষদৰ এলেকাত গৈ বিজেপি চৰকাৰৰ দিনত হোৱা লুণ্ঠনৰাজৰ বিৰুদ্ধে ৰাইজক সজাগ আৰু সচেতন কৰিব বুলি বৰদলৈয়ে আজি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে । জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ শশীমোহন বিশ্বাসে আঁত ধৰা সংবাদ মেলত মৰিগাঁও জিলা কংগ্ৰেছ কমিটিৰ সভাপতি বীৰ কুমাৰ কোঁৱৰে সংবাদ মেলত কয় যে-জাতি মাটি ভেটি‌ ৰখাৰ শ্ল’গানেৰে ৰাজ্যত শাসনৰ দায়িত্ব লোৱা বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ দৰিদ্ৰ লোকক ঋণগ্ৰস্থ কৰি কেৱল হিতাধিকাৰীহে সৃষ্টি কৰিলে । বিজেপি চৰকাৰে দি প্ৰতিশ্ৰুতি সমূহ পালন কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ।কংগ্ৰেছে জনজাতি সকলৰ সৰ্বাংগীন বিকাশৰ বাবে স্বায়ত্ব পৰিষদ গঠন কৰি জনজাতি লোকসকলৰ উন্নয়ন বাবে কাম কৰিছিল । কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত কেৱল প্ৰলোভল দি ৰাজনীতি কৰি তিৱা স্বায়ত্ব পৰিষদৰ এলেকা সমূহৰ উন্নয়ন স্থবিৰ কৰি তুলিলে বুলি জিলা কংগ্ৰেছৰ সভাপতি গৰকীয়ে মন্তব্য আগবঢ়ায় । আজি জিলা কংগ্ৰেছ ভৱনত আয়োজন কৰা সংবাদ মেলত ভূৰবন্ধা ব্লক কংগ্ৰেছৰ সভাপতি নৰোত্তম ডেকা , টাউন ব্লক কংগ্ৰেছৰ সভাপতি ৰবীন্দ্ৰ তামুলী , কপিলী ব্লক কংগ্ৰেছৰ সভাপতি অচ্যুত গাঁওখোৱা , জিলা মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী চাহনাৱাজ খানন , অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তিৱা স্বায়ত্ব পৰিষদ এলেকাৰ সমন্বয়ৰক্ষী সমিতিৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সদস্য ধীৰেন বৰদলৈ আৰু নিতুল কোঁৱৰ উপস্থিত থাকে ।