সুস্থ,স্বচ্ছ আৰু ভয়-শংকামুক্ত উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে গোসাঁইগাঁৱত আৰক্ষী প্ৰশাসনৰ পদযাত্ৰা

129

সুস্থ,স্বচ্ছ আৰু ভয়-শংকামুক্ত উপ নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যে গোসাঁইগাঁৱত আৰক্ষী প্ৰশাসনৰ পদযাত্ৰা

দুৰ্নীতিৰ দৰ্পণ সেৱা,মিজানুৰ ৰহমান , গোসাঁইগাঁও, ১৭ অক্টোবৰঃ গোসাঁইগাঁও বিধান সভা সমষ্টিত আগন্তুক ৩০ অক্টোবৰ তাৰিখে অনুষ্ঠিতব্য উপ নিৰ্বাচন যাতে সুস্থ,স্বচ্ছ তথা ভয়-শংকা মুক্ত ভাৱে অনুষ্ঠিত হয় , তাৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে গোসাঁইগাঁও চহৰত আৰক্ষী প্ৰশাসনৰ এক বিশাল পদযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে , আৰু কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক টি পি বিজয় কুমাৰৰ নেতৃত্বত আৰক্ষী তথা অৰ্ধ-সামৰিক বাহিনীৰ এটা বিশাল দলে গোসাঁইগাঁও আৰক্ষী থানাৰ পৰা আৰম্ভ পদব্ৰজে গোসাঁইগাঁও মূল বজাৰৰ মাজেৰে গৈ সাপট দলং পাৰ হৈ ভাৰত পেট্ৰল পাম্পৰ সমুখৰ পথেৰে দলগাঁও হৈ প্ৰায় ৫ কিঃ মিঃ দুৰত্বৰ পদযাত্ৰা কৰি আকৌ গোসাঁইগাঁও আৰক্ষী থানাত উক্ত পদযাত্ৰাৰ সমাপ্তি ঘটাই । পদযাত্ৰা কালীন অৱস্থাত জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে সাংবাদিকক কয় যে , ২৮ নং গোসাঁইগাঁও বিধান সভা সমষ্টিৰ উপনিৰ্বাচন যাতে সুস্থ,স্বচ্ছ আৰু ভীতিহীনভাৱে অনুষ্ঠিত হয় , তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই পদযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ । সমষ্টিটোৰ সৰ্ব সাধাৰণ ভোটাৰে যাতে সুস্থ মস্তিষ্কৰে নিজ পছন্দৰ প্ৰাৰ্থীক নিৰ্ভয়ে ভোটদান কৰিব পাৰে , তাৰ প্ৰতি আমি গুৰুত্ব আৰোপ কৰিছোঁ । কোনো অপশক্তিয়ে যাতে ভোটদানৰ ক্ষেত্ৰত কোনো বাধা বিঘিনি সৃষ্টি কৰিব নোৱাৰে আৰু তাৰ লগতে নিৰ্বাচন আয়োগৰ কোনো ধাৰা যাতে উলঙ্ঘা নহয় আদি বিষয়ৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিছোঁ । গতিকে , মই সাধাৰণ ভোটাৰক আশ্বাস দিব বিচাৰিছোঁ যে , আপোনালোকে সৰ্বাধিক হাৰত নিৰ্বাচনত অংশগ্ৰহণ কৰক আৰু নিৰ্ভয়ভাৱে ভোটাধিকাৰ সাব্যস্ত কৰক , আমি আপোনালোকৰ সতে আছোঁ । কাৰণ ভোটাধিকাৰ গণতন্ত্ৰ ব্যবস্থাৰ আটাইতকৈ সুন্দৰ উপহাৰ । গোসাঁইগাঁও মূল চহৰত অনুষ্ঠিত হোৱা এই পদযাত্ৰাত কোকৰাঝাৰ জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিত সিং পানেছাৰ , গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া সৌৰভ গুপ্তাৰ লগতে অসম পুলিচ , চিআৰপিএফ , সীমান্ত সুৰক্ষা বাহিনী আদিকে ধৰি প্ৰায় দেৰ শতাধিক জোৱানে অংশগ্ৰহণ কৰে ।