স্বচ্ছ ভাৰত অভিযানত আৰু এখোজ আগত: প্ৰথম পৰ্যায়ত ত্ৰিপুৰালৈ আৱণ্টন প্ৰায় ৩ লাখ শৌচালয়

98

স্বচ্ছ ভাৰত অভিযানত আৰু এখোজ আগত: প্ৰথম পৰ্যায়ত ত্ৰিপুৰালৈ আৱণ্টন প্ৰায় ৩ লাখ শৌচালয়

ষ্টাফ ৰিপৰ্টাৰ, দুৰ্নীতিৰ দৰ্পণ, ৮ ছেপ্টেম্বৰ : সোমবাৰে ত্ৰিপুৰাৰ গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে সুশান্ত চৌধুৰীয়ে। দায়িত্ব গ্ৰহণৰ পাছতে মঙলবাৰে স্বচ্ছ ভাৰত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভণি সন্দৰ্ভত এক বিশেষ কৰ্মশালাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । এছআইপিএআৰডিত আয়োজিত এই কৰ্মশালাত স্বচ্ছ ভাৰত অভিযানৰ প্ৰথম পৰ্যায় সন্দৰ্ভত বিশেষ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মন্ত্ৰীগৰাকীৰ মতে স্বচ্ছ ভাৰত অভিযানৰ প্ৰথম পৰ্যায়ত ত্ৰিপুৰাক মুঠ ২ লাখ ৯৯ হাজাৰ ৬৫৪ টা শৌচালয় আৱণ্টন দিছিল কেন্দ্ৰীয় চৰকাৰে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে প্ৰায় ১ লাখ ২২ হাজাৰ শৌচালয় নিৰ্মাণ সম্পূৰ্ণ হৈছে । যাৰ বাবে ত্ৰিপুৰাই অ’ডিএফৰ স্বীকৃতি লাভ কৰিছে। কিন্তু মন্ত্ৰীগৰাকীৰ মতে ত্ৰিপুৰা চৰকাৰে ইয়াতে সন্তুষ্ট থাকিলে নহ’ব । তেওঁ আশা কৰা মতে ত্ৰিপুৰাই ইয়াতকৈও ক্ষীপ্ৰতাৰে কাম কৰিব লাগিব আৰু অ’ডিএফ প্লাছৰ মৰ্যাদা লাভ কৰিব লাগিব ।ইফালে শৌচালয় নিৰ্মাণ প্ৰক্ৰিয়াত ত্ৰিপুৰাই কেৱল অ’ডিএফৰ মৰ্যাদা লাভ কৰাই নহয়, লগতে ৰাজ্যখনত বহু লোকৰ জীৱিকা সৃষ্টিত সহায় কৰিছে। মন্ত্ৰীগৰাকীৰ মতে এই আঁচনিত দৈনিক মজুৰি কৰা লোকসকলে কাম কৰিব পাৰিছে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে কেন্দ্ৰীয় চৰকাৰে এইবাৰ ১০ কোটি শৌচালয় স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।ত্ৰিপুৰাৰ বাবেও কেন্দ্ৰীয় চৰকাৰে যথেষ্ট পৰিমাণে শৌচালয় আৱণ্টন কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী চৌধুৰীয়ে । অনুষ্ঠানত চৰকাৰৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে । মুখ্য সচিব কুমাৰ আলোকেও আঁচনিখনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে।