সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ভক্তৰ দবাত এ আই ইউ ডি এফৰ বিশাল জন সভাত বদৰুদ্দিন আজমল

12

সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ভক্তৰ দবাত এ আই ইউ ডি এফৰ বিশাল জন সভাত বদৰুদ্দিন আজমল

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদক , মনজিৎ দাস , ২৯ মাৰ্চঃ সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা দলৰ মনোনীত প্ৰাৰ্থী মিনাক্ষী ৰহমানৰ বিশাল নিৰ্বাচনী জনসভা ভক্তৰডবাৰ হৰেনৰ চিত্ৰা মহাবিদ্যালয়ৰ বাকৰিত অনুষ্ঠিত হয় । সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল । সভাত সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চাৰ বিশাল জনসভাৰ সভাপতি হিচাপে প্ৰস্তাৱ কৰে আলেব খানক । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ৪৩ নং দক্ষিণ পাকা গাওঁ পঞ্চায়তৰ সভাপতি ময়নুল হকে । সভাৰ প্ৰথমতে অসমৰ স্বভিমান জাপিৰে সম্বৰ্দ্ধনা জনাই যুব মৰ্চাৰ সভাপতি বিল্লাল হুছেইনক । ইয়াৰ পিছত সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানক সম্বৰ্দ্ধনা জনায়।অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা উদয় শংকৰ ভৰালীক এখনি ফুলাম গামোচাৰে সম্ভৰ্ধনা জনায় । সম্বৰ্দ্ধনা অনুষ্ঠান‌ পৰিচালনা কৰে প্ৰাক্তন জিলা পৰিষদ দৰবেজ আলী । সভাৰ মাজত ৰাইজক গানেৰে আকৃষ্ট কৰে ময়নূল হকে । সভাত ভাষণ ৰাখে এ আই ইউ ডি এফৰ মহিলা মৰ্চাৰ সম্পাদিকা মমতাজ জাহান ।