৩৪ নং উত্তৰ অভয়াপুৰীত মূখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ বন্যা , অগপ প্ৰাৰ্থী ভূপেন ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ

5

৩৪ নং উত্তৰ অভয়াপুৰীত মূখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ বন্যা , অগপ প্ৰাৰ্থী ভূপেন ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ

দুৰ্নীতিৰ দৰ্পণ , মাণিকপুৰ, ৪ এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিমটো দিনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩৪ নং উত্তৰ অভয়াপুৰীৰ কীৰ্ত্তনপাৰা হাইস্কুল খেলপথাৰত মিত্ৰজোটৰ সমৰ্থিত অগপ দলৰ প্ৰাৰ্থী ভূপেন ৰায়ৰ সমৰ্থনত এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে । নিৰ্বাচনী সভাত হেলিকপ্টাৰ যোগে পৃথকে পৃথকে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত আদি কৰি কেইবাজনো বিজেপি আৰু অগপৰ নেতা । মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত কয়,কীৰ্ত্তনপাৰাত আৰক্ষী চকী নিৰ্মাণক ধৰি ২০০ খন বিছনাযুক্ত চিকিৎসালয়,পশু চিকিৎসালয়,আই, মানাহ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা,মহাবিদ্যালয় স্থাপন, SBI ৰ শাখা স্থাপন আদি প্ৰতিশ্ৰুতি দিয়ে যদিওঁ ভূপেন ৰায়ক জিকালে হে উল্লেখিত কাম সমুহ কৰিব বুলি কয় । প্ৰায় ১৫ সহস্ৰাধিক লোক উপস্থিত থকা সভাখনত ধৰ্মীয় ভাষিক সংখ্যালঘু সকলোৰ ব্যাপক উপস্থিতি লক্ষনীয় ।