ৰঙিয়াত কংগ্ৰেছৰ নিৰ্বাচন কেন্দ্ৰিক সভা

79

ৰঙিয়াত কংগ্ৰেছৰ নিৰ্বাচন কেন্দ্ৰিক সভা
দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰঙীয়া , ১৯ ফেব্ৰুৱাৰীঃ সমগ্ৰ অসমৰ লগতে কংগ্ৰেছ দলে অসম বচাও অভিযান চলাই ৰঙিয়াত পদাৰ্পন কৰে সাংসদ গৌৰৱ গগৈ,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন সহ এটি বৃহৎ দলে। ৰঙিয়া সৰস্বতি কলনি আৰু কংগ্ৰেছ ভৱনত পৃথকে পৃথকে অনুষ্ঠিত দুখনকৈ মত বিনিময় সভাত উপস্থিত থাকে সাংসদ গৌৰৱ গগৈ সহ কংগ্ৰেছ বিধায়িনী দলৰ উপ দলপতি ৰকিবুল হুছেইন আৰু এটা সজাতি দল। ভাষণ প্ৰসংগত গৌৰৱ গগৈয়ে বি জে পি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল ক্ষমতাৰ বাবে ৰাজনীতি কৰে আৰু গৌৰৱ গগৈয়ে কেৱল সেৱাৰ ৰাজনীতি কৰে বুলি অভিহিত কৰে । ২০২১ ত কংগ্ৰেছৰ চৰকাৰ আহিব আকৌ হিমন্ত কংগ্ৰেছলৈ আহি গৌৰৱ মোৰ ভাইটি হয় বুলি কব আনহাতে ৰকিবুল হুছেইনেও একালৰ সতীৰ্থক তীক্ষ্ণ বাক্যবানেৰে থকা সৰকা কৰে । বৰ্তমান চৰকাৰখনে সকলো বস্তুতে মূল্যবৃদ্ধি কৰি দুখীয়া ৰাইজক ৰামটাঙোন সোধাইছে । হিমন্ত‌ই অসমৰ ইমুৰৰ পৰা সিমুৰলৈ বিগত পাঁচ বছৰে কেৱল নাচি বাগি কটালে,ইয়াৰোপৰী হেলিকাপ্টাৰত ঘূৰি লক্ষ লক্ষ চৰকাৰী ধনৰ শৰাধ কৰিছে ‌। এইবোৰ হল ৰাইজৰ টকা ।ৰাইজৰ টকাৰে তেওলোকে হেলিকাপ্টৰত উঠি নিজৰ হাবিয়াস পূৰ কৰি আছে বুলি কয় । সভাৰ শেষত সৰস্বতি কলনীৰ পৰা ৰঙিয়া এম জি ৰোডস্থিত কংগ্ৰেছ ভৱনলৈ এক পদযাত্ৰাত অংশগ্ৰহণ কৰে । কা আমি নামানো বিজেপি গ’বেক আদি উত্তাল ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে । পদযাত্ৰা তথা মত বিনিময় অনুষ্ঠানত গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ লগত সংগদিয়ে ,প্ৰাক্তন সংসদীয় সচিব ঘণশ্যাম কলিতা,মানস বৰা,ৰঙিয়া কংগ্ৰেছৰ নেতা বিবুলৰ ৰহমান,ডাঃ নৱকুমাৰ দেকা যুৱনেতা তথা প্ৰাৰ্থিত্ব প্ৰত্যশী ৰাজীব খান সহিতে সহস্ৰাধিক কংগ্ৰেছ কৰ্মী।