ৰঙিয়াত মনোনয়ন প্ৰত্যহাৰ দেৱব্ৰত কলিতাৰ

53

ৰঙিয়াত মনোনয়ন প্ৰত্যহাৰ দেৱব্ৰত কলিতাৰ
ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদৰ প্ৰতিবেদন , ১৬ মাৰ্চঃ ৫৭ নং ৰঙিয়া বিধানসভা সমষ্টিৰ অসম সংগ্ৰামী মঞ্চৰ ৰঙিয়াৰ প্ৰাৰ্থী শ্ৰী দেৱব্ৰত কলিতাই আজি এক সংবাদমেল যোগে তেওঁৰ মনোনয়ন পত্ৰ উঠাই লব বুলি প্ৰকাশ কৰে।কেৱল মাত্ৰ বিজেপি বিৰোধী ভোট বিভাজন নোহোৱাৰ স্বাৰ্থতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনায় । সাংবাদিকৰ সৈতে মুখামুখি হৈ কামৰূপ জিলা পৰিষদৰ প্ৰাক্তন সভাপতি গৰাকীয়ে বৰ্তমান সময়ত বিজেপিক পৰাভূত কৰাটো অতি প্ৰয়োজনীয় বুলি মন্তব্য কৰে । ৰাইজৰ দল , অসম জাতিয় পৰিষদ বা আন আন নিৰ্দলীয় প্ৰাৰ্থী সকলে প্ৰকাৰান্তৰে বিজেপি দলক সহায়হে কৰি আছে বুলি অভিযোগ কৰে । কলিতাই লগতে কাঁ ৰ বিৰুদ্ধেও সোচ্ছাৰ হৈ পৰা দেখা যায় , অসমীয়া জাতিক ধ্বংসৰ মুখলৈ ঠেলি দি বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই আইন অসমীয়াক পংগু কৰিবলৈ জাপি দিয়া বুলিও মন্তব্য কৰে , ইয়াৰোপৰীও মূল্যবৃদ্ধি তথা প্ৰতিটো দিশতেই সমস্যা সৃষ্টিকাৰী এই দলটোক ৰঙিয়াৰ পৰা বিদায় দিয়াৰ স্বাৰ্থতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হয় বুলি জনায় । এই ঘটনাই স্বাভাবিকতেই মহাজোঁটৰ প্ৰাৰ্থী ডাঃ ভগৱান দেৱ মিশ্ৰৰ শিৱিৰত শক্তি বৃদ্ধি কৰিব ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here