ঢকুৱাখনা আছুৰ বিশাল বাইক সমদল

45

ঢকুৱাখনা আছুৰ বিশাল বাইক সমদল

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদন , ঢকুৱাখনা , ২০ মাৰ্চঃ আজি ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীৰে পুনৰ বাইক সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। ৰাজ্যজুৰি হোৱা এই বাইক ৰেলিত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখনা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কা বাতিলৰ দাবীৰে ঢকুৱাখনাৰ শ্বহীদ ভৱনৰ পৰা উলিওৱা বাইক ৰেলিত শতাাধিক আছুৰ সদস্য য়ে অংশ গ্ৰহণ কৰে । ঢকুৱাখনা নগৰ অঞ্চল আৰু গ্ৰাম্যাঞ্চলত প্ৰায় ১৫ কিঃ মিঃ দৈৰ্ঘ্য বাইক সমদল কৰি আছুৰ সদস্য সকলে “কা আমি নামানো;কা আমি নুবুজো; নৰেন্দ্ৰ মোদী হায় হায়; অমিত শ্বাহ মিছলীয়া অসম চৰকাৰ হায় হায় ইত্যাদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। উক্ত প্ৰতিবাদী কায্যসূচীত সদৌ লক্ষীমপুৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহ সদস্য মানস প্ৰতীম কাশ্যপ; ঢকুৱাখনা মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈ; ঢকুৱাখনা ছাত্ৰ সন্থাৰ সভাপতি মৃগাংক দত্ত; সাধাৰণ সম্পাদক বেদান্ত সন্দিকৈ বিত্ত সম্পাদক ভাস্কৰ দত্তকে প্ৰমুক্ষে বহু কেইজন ছাত্ৰ নেতা উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here