সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা)ৰ সংবাদমেল , বিজেপিয়ে মিচা কৈ ঠগি আছে
দুৰ্নীতিৰ দৰ্পণ সেৱা , ১৮ মাৰ্চঃ আজি তিনিচুকীয়াত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া আঞ্চলিক সমিতিৰ গুইজান আঞ্চলিক সমিতি সৰৱ হৈ এক সংবাদমেল আয়োজন কৰে । সংবাদমেলত জানিব দিয়ে যে , বিগত বহু বছৰ ধৰি চাহ বাগিচাৰ শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি কৰা , জনজাতিকৰণ কৰা আদি বিভিন্ন দাবীত অসম আদিবাসী ছাত্ৰ সন্থা বিভিন্ন সময়ত বিভিন্ন ধৰণৰ প্ৰতিবাদ-আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো আজি পৰ্য্যন্ত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে শাসনাধীন চৰকাৰখনে । আজিও গুৰুত্ব নাপালে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ দাবীসমূহ । তিনিচুকীয়া চহৰস্থিত তিনিচুকীয়া সাংবাদিক চৰাত সংবাদমেল আয়োজন কৰে আৰু জানিবলৈ দিয়ে যে , বিগত বছৰসমূহত বিজেপি যি প্ৰতিশ্ৰুতি দিছিল সেয়া সকলো ভূৱা প্ৰতিশ্ৰুতি বুলি আখ্যা দিয়ে। লগতে তিনিচুকীয়া আৰু চাবুৱা সমষ্টিৰ সকলো চাহ বাগিচাত বিজেপি আৰু বিজেপি মিত্ৰজোটৰ যিকোনো দলৰ প্ৰাৰ্থীকে নিৰ্বাচনৰ প্ৰচাৰৰ ক্ষেত্ৰত বাধা আৰোপ কৰিব বুলি জনায় ।