বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ বৰপেটা বঁটা প্ৰাপকৰ নাম ঘোষণা , হৰেকৃষ্ণ মহন্তলৈ ২০২১ বৰ্ষৰ বৰপেটা বঁটা

8

বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ বৰপেটা বঁটা প্ৰাপকৰ নাম ঘোষণা , হৰেকৃষ্ণ মহন্তলৈ ২০২১ বৰ্ষৰ বৰপেটা বঁটা

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদক হাউলী , ৮ এপ্ৰিলঃ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ বৰপেটা বঁটা প্ৰাপকৰ নাম আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে সন্থাই । এইবেলি হৰেকৃষ্ণ মহন্তলৈ ২০২১ বৰ্ষৰ বৰপেটা বঁটা ঘোষণা কৰিছে । হৰেকৃষ্ণ মহন্ত বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ ৷ উল্লেখ্য যে , ওদালগুৰি জিলাৰ বৰঙাজুলিৰ লগতে জনজাতীয় অঞ্চলত ২৮ খনকৈ সত্ৰ স্থাপন কৰিছে সত্ৰীয়া সাধকগৰাকীয়ে ৷ সম্প্ৰতি বড়ো , আদিবাসীকে ধৰি বিভিন্ন জনগোষ্ঠীয় লোকৰ মাজত সত্ৰীয়া সংস্কৃষ্টিৰ প্ৰচাৰ চলাই আহিছে হৰেকৃষ্ণ মহন্ত বাপজনাই ৷ জানিব পৰা মতে , সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ হকে আগবঢ়োৱা সেৱাৰ স্বীকৃতিস্বৰূপে হৰেকৃষ্ণ মহন্তলৈ এই বঁটা আগবঢ়োৱা হৈছে ৷ আজি বৰপেটা প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি বঁটা প্ৰাপকৰ নাম ঘোষনা কৰে ছাত্ৰসন্থাই ৷ অহা পহিলা ব’হাগত বৰপেটাত ৰাজহুৱাভাৱে ছাত্ৰ সন্থাই এই বঁটা প্ৰদান কৰিব । ইপিনে , ৯৪ বছৰ বয়সতো সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰত ব্যস্ত হৰেকৃষ্ণ মহন্ত বাপজনাক শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰিবলৈ বৰপেটা ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছে । আনহাতে , পহিলা ব’হাগত অনুষ্ঠিত কৰা বিহুৰ অনুষ্ঠানত হৰেকৃষ্ণ মহন্ত বাপজনাৰ লগতে বৰপেটাৰ ৩০ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষককো বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই এইবেলি বঁটা প্ৰদান কৰিব বুলি সদৰী কৰে আছু নেতা কৃষ্ণকান্ত দাসে ।