মৈৰাবাৰীত অসম বচাওঁ অভিযান চলাই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সভা , মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচা

34

মৈৰাবাৰীত অসম বচাওঁ অভিযান চলাই প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সভা , মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচা

দুৰ্নীতিৰ দৰ্পণ সেৱা , কুতুব উদ্দিন, মৈৰাবাৰী, ২০ ফেব্ৰুৱাৰীঃ অসম বচাও আহক বতৰা লৈ শুক্ৰবাৰে ধিং সমষ্টিৰ মৈৰাবাৰীত উপস্থিত হয় কংগ্ৰেছ দলৰ বিধায়িনী দলৰ উপ-দলপতি তথা প্ৰচাৰ সমিতিৰ অধ্যক্ষ ৰকিবুল হুছেইনৰ নেতৃত্বত এটা কংগ্ৰেছৰ দল। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ এই ব্যতিক্ৰমী গণ সংযোগ অভিযানৰ মৈৰাবাৰীত শুভাৰম্ভ কৰা ৰকিবুল হুছেইনে প্ৰথমে কংগ্ৰেছ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পাছত ভাষণ প্ৰসঙ্গত কয় বিজেপিৰ জনবিৰোধী নীতিৰ পৰাই অসমৰ জনসাধাৰণক বচোৱাৰ উদ্দেশ্যেই মৈৰাবাৰীত অহা বুলি মন্তব্য কৰে। ভাষণত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে পেট্ৰল, ডিজেলৰো মূল্য বৃদ্ধি হৈছে আৰু এনেবিধ বস্তুৰ মূল্য বৃদ্ধি কৰি উপাৰ্জন কৰা ৰাজকোষৰ ধন এজন মন্ত্ৰীয়ে উৰুৱাইছে বুলি মন্তব্য কৰে। লগতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটু ভাষাৰে সমালোচনা কৰে। এই অসম বচাও কাৰ্য্যসূচীত ধিং সমষ্টিৰ মৈৰাবাৰী অঞ্চলৰ দুহেজাৰতকৈ অধিক লোক গোট খায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here